গুৱাহাটী, সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰীঃ মহানগৰী গুৱাহাটীৰ সাতগাঁৱত শুক্ৰবাৰে সাতগাঁও আৰক্ষীয়ে ড্ৰাগছসহ কৰায়ত্ত কৰা মহিলা গৰাকীক লগত লৈ এক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে। সাতগাঁও হাইস্কুলৰ সমীপত সাতগাঁও আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ আটক কৰা মহিলাগৰাকীক লগত লৈ পুনৰ দেওবাৰে সাতগাঁও আৰক্ষীয়ে হাটীগাঁৱত অভিযান চলাই মহিলা গৰাকীৰ ঘৰৰ পৰা বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। আৰক্ষীয়ে মহিলা গৰাকীৰ হাটীগাঁৱস্থিত ভাড়া ঘৰৰ পৰা ড্ৰাগছ ভৰ্তি ১০ টা কণ্টেইনাৰ জব্দ কৰে। উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ মূল্য বৰ্তমান জানিব পৰা হোৱা নাই। সাতগাঁও আৰক্ষীয়ে শুক্ৰবাৰে আটক কৰা মহিলা ড্ৰাগছ ব্যৱসায়ী গৰাকীৰ নাম কুঞ্জলতা দেৱী বুলি জানিব পৰা গৈছে।