গুৱাহাটী, সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰীঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত হব লগা বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰ জিলা প্ৰশাসনে দেওবাৰে বিয়লি ৪ বজাৰ পৰা কামৰূপ মহানগৰত ড্ৰাই ডে ঘোষণা কৰিছে। মেঘালয় নিৰ্বাচনৰ বাবে দেওবাৰে বিয়লি ৪ বজাৰ পৰা ২৭ ফেব্ৰুৱাৰী আবেলি ৪ বজালৈ মহানগৰীৰ সুৰৰ বিপণীসমূহ বন্ধ থাকিব। কামৰূপ মহানগৰৰ অসম মেঘালয় সীমান্তৱৰ্তী ঠাই সমূহত প্ৰযোজ্য হব এই নিৰ্দেশনা। উল্লেখ্য যে, আগন্তক ৩ মাৰ্চটো মেঘলয়ত ভোটগণনা সম্পন্ন নোহোৱাপৰ্যন্ত মহানগৰীৰ সুৰৰ বিপণীসমূহ বন্ধৰ নিৰ্দেশ দিছে গুৱাহাটী মহানগৰ প্ৰশাসনে।