কলগাছিয়া, সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰীঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুণীয়ালগুৰিত দেওবাৰে দুপৰীয়া এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। আব্দুল খালেক নামৰ লোক এজনৰ ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডত এখন ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে আব্দুল খালেকৰ কন্যা হাফিজা খাতুনো অগ্নিদগ্ধ হয়। অগ্নিকাণ্ডৰ খবৰ পাই অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই ৰাইজে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও হাফিজা খাতুনৰ শৰীৰৰ ৯০% জ্বলি সম্প্ৰতি মৃত্যুৰ সৈতে যুঁজি আছে। হাফিজা খাতুনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে ১০৮ত ফোন কৰা হয় যদিও বহু দেৰি লৈ ১০৮ এম্বুলেঞ্চ উপস্থিত নোহোৱাত অৱশেষত আৰক্ষীৰ গাড়ীৰেই অগ্নিদগ্ধ হাফিজক চিকিৎসালয়ত প্ৰেৰণ কৰা হয়। বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজ তথা পৰিয়ালৰ লোকে।