কলগাছিয়াৰ পৰা স্বফিকুল হাছান, ২৩ ডিচেম্বৰঃ বৰপেটা জিলাৰ কলগাছিয়া ৰাজহচক্রৰ অন্তগৰ্ত পথাৰসমূহ আঘোণৰ ছানি ধৰা কুঁৱলীক নেওচি সমগ্ৰ কৃষি পথাশমূহক হালধীয়া সোণাৰুৱে উপচাই তুলিছে। সৰিয়হ খেতিৰ সৌন্দৰ্য্যৰ লগতে মৌ মাখি, ভোমোৰাৰ গুণগুণনীয়ে সোনত সুৱগা চৰাইছে, লগতে মুহিছে বাটৰুৱাৰ মন। পথাৰত হালধীয়া সৰিয়হৰ খেতি দেখি হাড়ক মাটি কৰি খেতি কৰা কৃষকসকলৰ হিয়া উল্লাসৰে ভৰি পৰিছে। কিন্তু দুৰ্ভাগ্যক্ৰমে এইসকল কৃষকে আজি পৰ্য্যন্ত কৃষি বিভাগৰ ফালৰ পৰা পোৱা নাই কোনো ধৰণৰ সুবিধা। কৃষি বিভাগে প্ৰদান কৰা বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ আৰু উন্নত সুবিধাসমূহ কিছুমান দালাল শ্ৰণীৰ লোকে আত্মসাত কৰাৰ ফলত কৃষিক্ষেত্ৰৰ উন্নয়নৰ বাবে চৰকাৰে প্ৰদান কৰা সুবিধাসমূহৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ কৰিছে কৃষিজীৱী ৰাইজ। কিছুমান দালাল চক্ৰই কৃষি বিভাগৰ কিছুমান বিষয়াসকলৰ লগত মিলি কৃষকসকলক বাবে থকা সুবিধাৰসমূহ আত্মসাত কৰাৰো অভিযোগ কৰিছে কৃষকসকল। ভাৰতৰ অৰ্থনৈতিৰ প্রায় ৬০ শতাংশ বৰঙণি কৃষি খণ্ডৰ পৰা আহে যদিও কৃষকসকলক চৰকাৰী সুবিধাৰসমূহৰ পৰা বঞ্চিত কৰি ৰাখিলে এইখন দেশৰ উন্নতিৰ চিন্তা চৰ্চা কৰাটো ব্যৰ্থ বুলি অভিহিত কৰিব পাৰি। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি হাতত লোৱা ৰাজ্যৰ সোনোৱাল চৰকাৰে এইসকল কৃষকক তেওঁলোকৰ প্ৰয়োজনৰ সুবিধাবোৰ পোনপটীয়াকৈ কৃষকসকলৰ হাতত পৰাৰ ব্যৱস্থা কৰিব পাৰিলেহে ৰাজ্যৰ কৃষকসকলৰ উন্নয়ন হব বুলি কৃষকসকলে জানিবলৈ দিয়ে।