সোণতলী, ২৩ ডিচেম্বৰঃ দক্ষিণ কামৰূপৰ ৰঙাপানীত ধৰ্ষণৰ বলি হোৱা ছাত্ৰীৰ মৃত্যু৷ যোৱা ১৪ ডিচেম্বৰত কামৰূপ জিলাৰ ৰঙাপানীত এগৰাকী ছাত্ৰীক অচিনাকি দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰি হত্যাৰ চেষ্টা কৰাৰ ঘটনাই সমগ্ৰহ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ উল্লেখ্য যে নিচাজাতীয় দ্ৰব্য ব্যৱহাৰ কৰি দুৰ্বৃত্তৰ দলে ৰঙাপানী ছিনিয়ৰ মাদ্ৰাছাৰ সপ্তম শ্ৰেনীৰ এগৰাকী ছাত্ৰী সৈতে এই নাৰকীয় ঘটনা সংঘটিত কৰিছিল৷ দুৰ্বৃত্তৰ দলটোৱে এই নাৰকীয় ঘটনা সংঘটিত কৰি ছাত্ৰী গৰাকীক হত্যাৰ চেষ্টা চলাই উলংঘ অৱস্থাৰ পেলাই থৈ যোৱা অচেতন অৱস্থাত স্থানীয় ৰাইজে ছাত্ৰী গৰাকীক উদ্ধাৰ কৰি সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাইছিল যদিও ছাত্ৰী গৰাকীৰ অৱস্থা সংকটনক হোৱাত গুৱাহাটী মেডিকেল হাস্পাতাললৈ প্ৰেৰণ কৰে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে৷ ইমান দিনে গুৱাহাটী মেডিকেল হাস্পাতালত মৃত্যুৰ সৈতে যুজি শনিবাৰে পুৱা শেষ নিশ্বাস ত্যগ কৰে ধৰ্ষণৰ বলি হোৱা ছাত্ৰী গৰাকী। আনহাতে এই ধৰ্ষণ কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত সোণতলী আৰক্ষীয়ে এজন যুৱকক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷ জানিব পৰা মতে যুৱকজন ১নং দক্ষিণ ৰঙাপানী গাঁৱৰ স্বৰ্বত আলীৰ পুত্ৰ জহিৰুল ইছলাম৷