কলগাছিয়াৰ পৰা স্বফিকুল হাছান, ২৩ ডিচেম্বৰঃ অখিল গগৈৰ মুক্তিৰ দাবীত শনিবাৰে কলগাছিয়াত কৃষক মুক্তিয়ে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। কৃষক মুক্তিয়ে পথ অৱৰোধ কাৰ্য্যসুচী গ্ৰহন কৰাত কলগাছিয়া আৰক্ষীয়ে বাধা প্ৰদান কৰাত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত ঠেলাহেচা সৃষ্টি হয়। পৰিস্থিতি অধিক জটিল হোৱাত প্ৰতিবাদস্থলীত বৰপেটাৰ অতিৰিক্ত উপায়ূক্ত পুলক পাটগিৰী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ হয় যদিও অতিৰিক্ত উপায়ূক্ত গৰাকীৰ নিৰ্দেশত পাচঁজন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়। অতিৰিক্ত উপায়ুক্ত আৰু আৰক্ষীৰ সন্মুখতে অখিল গগৈ জিন্দাবাদ,অখিল গগৈৰ মুক্তি দিয়ক, আৰক্ষী প্ৰশাসন মুৰ্দাবাদ, সোনাৱাল চৰকাৰ মুৰ্দাৱাদ শ্লোগানেৰে প্ৰতিবাদকাৰী সকলে পৰিস্থিতি উত্তপ্ত কৰি তোলে। উল্লেখ্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰৰ পৰা মুক্তি লাভ কৰাৰ পিছত দুধনৈ আৰক্ষীয়ে অখিল গগৈক ডিব্ৰুগড় কাৰাগাৰৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰাত সমগ্ৰহ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।