গুৱাহাটী, ১৩ এপ্ৰিলঃ আজি গুৱাহাটীৰ ওদালবাক্ৰাৰ হায়াত হস্পিতালত হঠাৎ হাঁহিব ধৰিলে সকলোৱে৷ ডাক্তৰ, নাৰ্ছ, কৰ্মচাৰী, ৰোগী  সকলোৰে হাঁহি হাঁহি পেটৰ বিষ৷ হাঁহি ৰখাবলৈ প্ৰয়াস কৰিও হাঁহি ৰখাব পৰা নাই৷ যেন কোনোবাই হাঁহিৰ বীজাণুহে মেলি দিছে হায়াতৰ বতাহত৷ হয়, হায়াতত আহিছে হাঁহিৰ বীজাণু আৰু এই বীজাণু আনিছে অসমীয়া ছবি জগতৰ কৌতুক অভিনেত্ৰী চেতনা দাসে৷ ব’হাগ বিহু উপলক্ষে হায়াত হস্পিতালে বিহুৰ আনন্দৰ পৰা বঞ্চিত ৰোগী আৰু কৰ্মব্যস্ত ডাক্তৰ, নাৰ্ছ আৰু হস্পিতালৰ কৰ্মচাৰীৰ কাৰণে আজি আয়োজন কৰিছে বিহু৷ হায়াতৰ বিহুত ভাগ লৈ চেতনা দাসে নিজৰ কৌতুক অভিনয় আৰু কথাৰে সকলোকে হহুৱাই চেতনাহীন কৰি দিয়ে৷ হাঁহিৰ লগতে চেতনা দাসৰ বিহু গীতত কঁকাল ভাঙি নাচে নাচনীয়ে৷ চেতনা দাসৰ লগতে হায়াতৰ কাৰ্যবাহী সঞ্চালক ডঃ অঞ্জন কুমাৰ শইকীয়া আৰু মুখ্য অতিথি হিচাপে থকা বিধায়ক ৰমেন কলিতাই হায়াতৰ বিহু উপভোগ কৰি উৎফুল্লিত হৈ পৰে৷ বিধায়ক ৰমেন কলিতা আৰু চেতনা দাসে হায়াতত থকা ৰোগীসকলৰ মাজত বিহু উপলক্ষে পিঠা আৰু মিঠাই বিতৰণ কৰে৷