গুৱাহাটী,১২ এপ্ৰিলঃ মহানগৰীৰ সোনাইঘূলিস্থিত দেউৰী জাতীয় মঞ্চৰ প্ৰাঙ্গনত ১৯ এপ্ৰিলত দিনযোৰা কাৰ্যসূচীৰে ২৮তম দেউৰী ব’হাগ বিহু (বিচু)ৰ আয়োজন কৰা হৈছে৷ উল্লেখ্য যে, অসমীয়া ব’হাগ বিহুৰ পিছৰ প্ৰথমটো বুধবাৰে দেউৰী ব’হাগ বিহু(বিচু)উদযাপন কৰা হয়৷ দেউৰী জনগোষ্ঠীয় লোকৰ মাজৰ সম্প্ৰীতিৰ এনাজৰীডাল অধিক সুদৃঢ় কৰাৰ কাৰণে দেউৰী জাতীয় মঞ্চই বিগত সময়ছোৱাত সমূহীয়াভাবে দেউৰী ব’হাগ বিহু (বিচু)ৰ আয়োজন কৰি আহিছে৷ দেউৰী ব’হাগ বিহু (বিচু) কাৰ্যসূচী সুচাৰুভাবে পৰিচালনা কৰিবলৈ পৰমানন্দ দেউৰীক উপদেষ্টা আৰু প্ৰদীপ কুমাৰ দেউৰীক সভাপতি হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে৷ বিহু (বিচু)ৰ দিনা উৎসৱস্থলীত দেউৰী জনগোষ্ঠীয় পৰম্পৰাগত ৰীতি-নীতি অনুষ্ঠান, দলীয় বিচুৰ নৃত্যকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হ’ব৷ ইয়াৰ লগতে দলীয় দেহিচি, একক জাঁয়াচী বিচু নৃত্যকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে৷ প্ৰতিযোগিতাৰ বিজয়ীসকলক মানপত্ৰ আৰু নগদ ধন পুৰস্কাৰ হিচাপে দিয়া হ’ব৷ দেউৰী ব’হাগ বিহু (বিচু)ৰ সমূহ কাৰ্যসূচীত গুৱাহাটীত বসবাস কৰা দেউৰী জনগোষ্ঠীয় লোকসকলক উপস্থিত থাকিবলৈ দেউৰী জাতীয় ম়ঞ্চৰ প্ৰচাৰ সম্পাদক এল এন দেউৰীয়ে আহ্বান জনাইছে৷