গুৱাহাটী, সংবাদ ৩৬৫, ১৯ এপ্ৰিলঃ বুধবাৰে হায়াত হাস্পতালৰ স্নায়ু শল্য ৰোগ বিভাগে সফলতাৰে সম্পন্ন কৰিলে মগজুৰ এক জটিল টিউমাৰ অপাৰেচন। স্নায়ু শল্য ৰোগ বিশেষজ্ঞ ডাঃ অৰিন্দম কাকতিৰ নেতৃত্বত অপাৰেচন কৰা হয়।

হায়াত হাস্পতালৰ মহাপ্ৰবন্ধক পৰাগজ্যোতি দত্তই সদৰী কৰা অনুসৰি মেঘালয়ৰ পূব খাচী পাহাৰৰ বাসিন্দা অবিগেইল ননগ্ৰুম (৩৩) নামৰ মহিলা গৰাকীয়ে মগজুৰ টিউমাৰত আক্ৰান্ত হৈ যোৱা ১৬ এপ্ৰিলত হায়াত হাস্পতালত ভৰ্তি হয়।

ডাঃ অৰিন্দম কাকতিয়ে প্ৰকাশ কৰা অনুসৰি ৰোগী গৰাকীৰ মগজুৰ বাক অঞ্চল, অৰ্থাৎ স্পীচ এৰিয়াৰ নিচেই কাষতে বৃহদাকাৰৰ টিউমাৰটো হৈছিল। এনে অপাৰেচনত সামান্য ভুল হ’লেও ৰোগীয়ে আজীৱনৰ বাবে বাক শক্তি হেৰুৱাব লগা হয়। অপাৰেচনৰ সময়ত মগজুৰ স্পীচ এৰিয়াৰ কোষ কটা গ’লে অভাবনীয় বাক সমস্যই দেখা দিয়ে। অবিগেইল ননগ্ৰুমৰ মগজুৰ জটিল স্হানত সৃষ্টি হোৱা এটা ক্ৰিকেট বলৰ সমান টিউমাৰটো এৱেক ক্ৰেনিঅ’টমী পদ্ধতিত, অৰ্থাৎ ৰোগীক অজ্ঞান নকৰাকৈয়ে সম্পন্ন কৰা হয়। লোকেল এনাস্হেচিয়া প্ৰয়োগ কৰি ৰোগীৰ সৈতে কথা পাতি পাতি প্ৰায় ৫ ঘন্টাজোৰা দীঘলীয়া অস্ত্ৰোপচাৰ প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰা হয়।

সাধাৰণতে মগজুৰ অস্ত্ৰোপচাৰ কৰা হয় ৰোগীক সম্পূৰ্ণ অজ্ঞান কৰি। কিন্তু টিউমাৰটোৰ অৱস্হান স্পীচ এৰিয়াৰ নিচেই কাষতে হোৱা বাবে আৰু স্পীচ এৰিয়াৰ এটা মাত্ৰ কোষৰ হানি হ’লেও যিহেতু বাক সমস্যাই দেখা দিব সেয়ে ৰোগীক সম্পূৰ্ণ অজ্ঞান কৰা হোৱা নাছিল, যাতে ৰোগীৰ কথা-বতৰাত বিন্দুমাত্ৰ সমস্যাই দেখা দিলে লগে লগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। স্নায়ু শল্য চিকিৎসক ডাঃ কাকতিয়ে তাৎপৰ্যপূৰ্ণ তথ্য সদৰী কৰি প্ৰকাশ কৰে যে এই ধৰণৰ জটিল মগজুৰ টিউমাৰ অপাৰেচন অসমত এয়াই প্ৰথম।