গুৱাহাটী, সংবাদ ৩৬৫, ১৯ এপ্ৰিল : শুকুৰবাৰে দুৰ্নীতি বিৰোধী যুৱ-শক্তি,অসমে এখন সংবাদমেলৰ জৰিয়তে “শূণ্য সহনশীল বঁটা ২০১৯”ৰ বঁটা প্ৰাপক সকলৰ নাম ঘোষণা কৰে ।

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতি বিৰোধী স্থিতি আৰু আহ্বানৰ প্ৰতি সন্মান জনাই বিগত বৰ্ষৰ দৰে এই বৰ্ষটো দুৰ্নীতি আৰু অন্যায়ৰ বিৰুদ্ধে আপোচবিহীনভাৱে কৰ্ম সম্পাদন কৰা বিভিন্ন ক্ষেত্ৰৰ কেইজনমান সন্মানীয় ব্যক্তিক ” শূণ্য সহনশীল বঁটা ২০১৯” প্ৰদান কৰিবলৈ ওলাইছে। আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ২০১৯ৰ ৯ ডিচেম্বৰত বঁটা প্ৰদান কৰা হব।

” শূণ্য সহনশীল বঁটা ২০১৯” আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকল ক্ৰমে জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, অভিজিৎ শৰ্মা, অসম চৰকাৰৰ আৰক্ষী অধীক্ষক মুকুল শইকীয়া, সাংবাদিক ৰঞ্জন লাল শৰ্মা, শোণিত কুমাৰ ভূঞা,জয়ন্ত দাস, ৰিংকু তামুলী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিগন্ত গগৈ ।

উক্ত বঁটাত থাকিব এখন তাম্ৰ পত্ৰ, সম্বৰ্ধনা পত্ৰ,সঁফুৰা, চেলেং, জাপি,গামোছা আৰু মাননী।