হোজাইৰ, সংবাদ ৩৬৫, ১৯ ফেব্ৰুৱাৰী: পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ দেশবাসী ক্ষোভিত হৈ থকাৰ সমান্তৰালকৈ মাদ্ৰাছা ছাত্ৰসকলো এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ওলাই আহিছে ৰাজপথলৈ। মঙ্গলবাৰে হোজাইৰ ইতিহাসপ্ৰসিদ্ধ জয়নগৰ মাদ্ৰাছাৰ কেবাসহস্ৰাধিক ছাত্ৰই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল কৰি হিন্দুস্থান জিন্দাবাদ,পাকিস্তান মূৰ্দাবাদ,হাফিজ ছয়ীদ গ’ বেক,ভাৰতীয় সৈন্য জিন্দাবাদ,পাকিস্তান গ’বেক ধ্বনিৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।প্ৰতিবাদী সমদলৰ অন্তত জয়নগৰ মাদ্ৰাছাৰ অধ্যক্ষৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দোৱা মেহফিলত শ্বহীদ ভাৰতীয় সৈন্যসকলৰ মুক্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।সভাখনত সহস্ৰাধিক মাদ্ৰাছা ছাত্ৰই সন্ত্ৰাস সৃষ্টি কৰাসকলক কঠোৰ ভাষাৰে গৰিহণা দিয়ে।