কোকৰাঝাৰ, সংবাদ৩৬৫, ৯ এপ্ৰিল : বিটিচিৰ শাসনাধিষ্ঠিত বি পিএফ দলৰ বিৰোধী ৰাজনৈতিক দল ইউনাইটেড পিপুলছ পাৰ্টী লিবাৰেল চমুকৈ ইউ পি পি এল দলৰ সৰ্বমুঠ ৪৪ টাকৈ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হয় ৷

মঙলবাৰে দুপৰীয়া কোকৰাঝাৰ প্ৰেছ ক্লাৱত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি ইউ পি পি এল দলৰ উপসভাপতি তথা এম চি এল এ ৰণগৌৰা নাৰ্জাৰীয়ে কয় যে কংগ্ৰেছ আৰু বিজেপি দলে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰাৰ বাবে ৰাইজে এইবেলি ইউ পি পি এল দলক বিকল্প দল হিচাপে বাচি লৈছে ৷ বড়ো আৰু অবড়োৰ সৃষ্টি হোৱাৰ আঁৰত আছে বিটিচিৰ শাসকগোষ্ঠী ৷ নৱ কুমাৰ শৰণীয়াই যোৱা ২০১২ চনৰ গোষ্টী সংঘৰ্ষৰ সুযোগ লৈ বড়ো-অবড়োৰ মাজত বিভেদ সৃষ্টি কৰি সাংসদ হৈছিল যদিও এইবেলি নৱ কুমাৰ শৰণীয়াৰ সেই ৰাজনীতি নচলে বুলি দাবী কৰিছে ৰণগৌৰা নাৰ্জাৰীয়ে ৷