বৰপেটা, সংবাদ ৩৬৫, ৯ এপ্ৰিল : ৬ নং বৰপেটা লোকসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড০ হাফিজ ৰফিকুল ইছলামৰ বৰপেটা সমষ্টি ভিত্তিত এখন নিৰ্বাচনী কাৰ্যালয় হাউলীত ৯ এপ্ৰিলত আবেলি ৪ বজাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এ আই ইউ ডি এফৰ কেন্দ্ৰীয় উপ সভাপতি আব্দুল কাদিৰে ।

ইয়াৰ পিছত দলৰ বৰপেটা সমষ্টি কমিটিৰ সভাপতি ইমান খানৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম,দলৰ কেন্দ্ৰীয় উপ সভাপতি আব্দুল কাদিৰে উপস্থিত থাকি বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সমলোচনা কৰি বক্তব্য আগবঢ়ায় লগতে দাদা বিগ্ৰেড কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ বিৰুদ্ধে কটু সমলোচনা কৰি তেওঁৰ বিৰুদ্ধে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায় ।

সভাত বৰপেটা লোকসভা সমষ্টিৰ ইউডিএফৰ মনোনীত প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামে কয় যে,আগন্তুক নিৰ্বাচনত সমষ্টিটোৰ মিত্ৰ জোঁটৰ অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাস আৰু ইউডিএফৰ প্ৰাৰ্থী ড০ হাফিজ ৰফিকুল ইছলামৰ লগত মূল প্ৰতিদণ্ডিতা হ’ব বুলি তেওঁ দাবী কৰে ।বৰপেটাত কংগ্ৰেছ ফেক্টৰ হ’ব নোৱাৰে আনকি তেওঁতকৈ বহুত দূৰত থকা বুলি দাবী কৰে ।

উক্ত সভাত বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি জাকিৰ হুছেইন সহ ৭০ জনতকৈ বিভিন্ন দলৰ নেতা কৰ্মী ৯ এপ্ৰিলত আনুষ্ঠানিকভাৱে এ আই ইউ ডি এফ দলত যোগদান কৰে । সভাত প্ৰায় তিনি হাজাৰৰো অধিক পুৰুষ তথা মহিলাই অংশ গ্ৰহন কৰে ।