ৰঙিয়াৰ, ২১অক্টোবৰঃ ৰঙিয়াৰ স্বেচ্ছাসেৱী সংগঠন প্ৰভাতি কিৰণে মাহজোৰা বৃক্ষ ৰোপনৰ কাৰ্য্যসূচী ৰূপায়নৰ সিদ্ধান্ত লৈছে। স্বেচ্ছাসেৱী সংগঠন প্ৰভাতি কিৰণে আজিৰে পৰা এই কাৰ্যসূচী আনুষ্ঠানিক ভাবে মুকলি কৰে। এই বৃক্ষ ৰোপন কাৰ্য্যসূচীৰ অধীনত প্ৰভাতি কিৰণে ৰঙিয়াৰ বিভিন্ন ঠাইত অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠান সমূহত ৰাইজৰ সহযোগত বৃক্ষ ৰোপন কৰিব।  উল্লেখ্য যে, ৰঙিয়া চহৰক স্বচ্ছ আৰু নিকা কৰি তোলাৰ উদ্দেশ্যে স্বেচ্ছাসেৱী সংগঠন প্ৰভাতি কিৰণে বিশেষ ভাৱে আগভাগ লৈ আহিছে। যি সময়ত মানুহে গছ- গছনি কাটি তহিলং কৰিছে, সেই সময়তে স্বেচ্ছাসেৱী সংগঠন প্ৰভাতি কিৰণে ৰঙিয়াৰ বিভিন্ন স্থানত অনুষ্ঠিত ধৰ্মীয় অনুস্থান মন্দিৰ, মছজিদ, নাম ঘৰত মাহজোৰা বৃক্ষ ৰোপনৰ কাৰ্য্যসূচী ৰূপায়নৰ সিদ্ধান্ত লৈছে। এই বৃক্ষ ৰোপন কাৰ্য্যসূচীত সংগঠনটোৰ উপদেষ্টা ধ্ৰুৱজ্যোতি শৰ্মা, সভাপতি মৃদুল শৰ্মা, সম্পাদক ধনমণি দত্তৰ লগতে ধিমান শৰ্মা, নিপন শৰ্মা, প্ৰাঞ্জল শৰ্মাকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে।