ৰঙিয়া, ৭ জুলাইঃ ৰঙিয়াৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে । শ্ৰমিক ইউনিয়নে বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাজপথ উত্তাল কৰাৰ লগতে মুৰাৰাত থকা শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে । শ্ৰমিক ইউনিয়নৰ সদস্যসকলে চহৰৰ এন টি ৰোডেৰে সমদল উলিয়াই বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে নিৰ্মাণ শ্ৰমিক সকলৰ প্ৰাপ্য তথা কল্যাণ মূলক আঁচনিৰ পৰা বঞ্চিত নকৰিবলৈ চৰকাৰক সকীয়াই দিয়ে। প্ৰতিবাদকাৰী সকলে শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত শ্ৰমিকসকলৰ কল্যাণ আঁচনিৰ ধন বৃদ্ধি কৰা, অৱসৰকালীন পেঞ্চনৰ পৰিমান বৃদ্ধি কৰা, নিৰ্মাণ শ্ৰমিকৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যয় কল্যাণ পৰিষদে বহন কৰা, নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ অতি শীঘ্ৰে পুনৰ গঠন কৰাকে ধৰি ৯ দফীয়া সমস্যা সমাধান কৰিবলৈ দাবী জনায় । ইয়াৰ লগতে শিক্ষা সাহাৰ্য্যৰ ধন মোকলাই দিয়াৰ উপৰি এবছৰ পূৰ্ণ কৰা নিৰ্মাণ শ্ৰমিকক শীঘ্ৰে চাইকেল দিবলৈয়ো চৰকাৰৰ ওচৰত দাবী জনাই শ্ৰমিক সংগঠনটোৱে।