তিতাবৰ, ৭ জুলাইঃ এছিয়া মহাদেশৰ সৰ্ববৃহৎ পানীযোগান আঁচনি গ্ৰেটাৰ তিতাবৰ পানীযোগান আঁচনিৰ বৃহৎ কেলেংকাৰীৰ উচিত তদন্ত কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিতাবৰ আঞ্চলিক সমিতিয়ে দুইঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে, তিতাবৰৰ ভূ-গৰ্ভৰ পানীত বিষাক্ত আৰ্ছেনিক ধৰা পৰাৰ পিছত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিজ গৃহ সমষ্টি তিতাবৰৰ ৰাইজক আৰ্ছেনিকমুক্ত বিশুদ্ধ পানী সেৱণৰ উদ্দেশ্যে এখন এশ কোটি টকীয়া এছিয়াৰ মহাদেশৰ ভিতৰত সৰ্ববৃহৎ পানীযোগান আঁচনি নিৰ্মাণ কৰিছিল। এই আঁচনি খনক গ্ৰেটাৰ তিতাবৰ পানীযোগান আঁচনি নামেৰে নামাংকিত কৰা হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী গৌতম ৰয়ৰ কার্যকালত এই আঁচনি খনৰ কেলেংকাৰী সংঘটিত হোৱা অভিযোগ উত্থাপন হৈছিল। গোলাঘাটৰ ধনশিৰি আৰু দৈয়াং নদীৰ পৰা পানী পৰিবাহী পাইপ স্থাপন, ৰিজাৰ্ভাৰ নিৰ্মাণ তিতাবৰ সমষ্টিত মুঠ এশটা পানী যোগান প্ৰকল্প স্থাপন, বৈদ্যুতিক সা-সামগ্ৰী ক্ৰয় আৰু স্থাপনৰ নামত ভয়াবহ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল। সেই সময়ৰ কংগ্ৰেছ শাসিত চৰকাৰখনৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী গৌতম ৰয় সন্মুখতে একাংশ ঠিকাদাৰ, মন্ত্ৰী, নেতা-পালিনেতা তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়াৰ দুৰ্নীতিৰ ফলত তিতাবৰৰ ৰাইজে নদীৰ পানী খাবলগীয়া হৈছিল। বিভিন্ন দল সংগঠনে এই কেলেংকাৰীৰ উচিত তদন্ত কৰিবলৈ বিভিন্ন সময়ত প্ৰতিবাদী কার্যসূচী ৰূপায়নৰ লগতে  সৰ্বা নেতৃতাধীন চৰকাৰক বাৰম্বাৰ আবেদন কৰাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বিশেষ তদাৰকৰ দল তিতাবৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু তদাৰককাৰী দলটোৱে পৰ্যবেক্ষণ কৰে যদিও কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিতাবৰ আঞ্চলিক সমিতিয়ে সমগ্ৰ ঘটনাৰ উচিত তদন্ত আৰু দুৰ্নীতিগ্ৰস্ত ব্যক্তিক  উচিত শাস্তি দিয়াৰ দাবীত তিতাবৰত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। লগতে সোনোৱাল চৰকাৰক অতি শীঘ্ৰে তদন্ত কৰি দোষী ব্যক্তিক শাস্তি দিয়াৰ লগতে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ দাবী জনায়।