ৰঙিয়া, সংবাদ ৩৬৫, ১৩ এপ্ৰিলঃ আপুনি এমআই মোবাইল ব্যৱহাৰ কৰে নেকি? যদি এমআই মোবাইল ব্যৱহাৰ কৰে তেন্তে সাবধান হওক। যিকোনো মুহূৰ্ততে এমআই মোবাইল বিস্ফোৰণ ঘটি আপোনাৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে। শুক্ৰবাৰে ৰঙিয়া নগৰত এমআই’ৰ নোট ৪ মোবাইল এটা বিস্ফোৰণ ঘটাত সমগ্ৰ ৰঙিয়া নগৰত চাঞ্চল্যৰ সৃষ্টি হৈছে। এমআই’ৰ নোট ৪ মোবাইল বিস্ফোৰণত ৰঙিয়াত আহত হৈছে বিপুল বৰ্মন নামৰ এজন কাঠ মিস্ত্ৰী।বিপুল বৰ্মনে এমআই’ৰ নোট ৪ মোবাইল ফোনটো পেণ্টৰ পকেটত লৈ থাকোতে হঠাৎ বিস্ফোৰণ ঘটে মবাইল ফোনটোৰ। বিস্ফোৰণৰ পিছত বিপুল বৰ্মনৰ পেণ্ট জ্বলি যায় আৰু বিপুল বৰ্তমান কিছু পৰিমাণে আহত হয়। ৰঙিয়া প্ৰেছ ক্লাবৰ সমীপত মাত্র ডেৰমাহ পূৰ্বে ক্ৰয় কৰা মোবাইল ফোনটো কি কাৰণে বিস্ফোৰিত হল সেই লৈ বিমোৰত পৰিছে ৰঙিয়াবাসী। যদি মোবাইল ফোনটো কথা পাতি থকা অৱস্থাত বিস্ফোৰণ হ’লহেতেন তেতিয়া এক ভয়ানক বিপদৰ সন্মুখীন হব লগা হ’লহেতেন বিপুল বৰ্মন।