গুৱাহাটী, সংবাদ ৩৬৫, ১৩ এপ্ৰিলঃ শুক্ৰবাৰে গুৱাহাটী ৰেল ষ্টেচনত ৰেল আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচিত হাৰিয়ানাৰ ভাগত সিংহ আৰু পাঞ্জাৱৰ সাহিল নামৰ দুজন লোকৰ কবলৰ পৰা প্ৰায় ৬০ লক্ষাধিক টকাৰ মূল্যৰ সোণ উদ্ধাৰ কৰে। লোক দুজনে এই বৃহৎ পৰিমাণ সোণখিনি নিজৰ বেল্টৰ ভিতৰত ভৰাই নাগালেণ্ডৰ ডিমাপুৰৰ পৰা আহি গুৱাহাটী ৰেল ষ্টেচন উপস্থিত হৈছিল। ৰেল আৰক্ষীয়ে আটক কৰা লোক দুজনে গুৱাহাটী ৰেল ষ্টেচনৰ পৰা বহিঃৰাজ্যলৈ এই বৃহৎ পৰিমাণ সোণখিনি অবৈধ ভাৱে নিয়াৰ চেষ্টা কৰোতে ৰেল আৰক্ষীৰ তালাচিত ধৰা পৰে। বৰ্তমান ৰেল আৰক্ষীয়ে লোক দুজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।