ৰঙিয়া, সংবাদ ৩৬৫, ১০ এপ্ৰিলঃ ৰঙিয়াৰ এছবিআই বেংকৰ এটিএম’ৰ পৰা ওলাল ১১খনকৈ ২ হাজাৰ টকীয়া ফটা নোট। ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত থকা এটিএম’ৰ পৰা ফটা নোট ওলোৱাৰ পিছত এটিএমটো বন্ধ কৰি দিয়ে প্ৰশাসনে। মঙলবাৰে ৰঙিয়া মহকুমাধিপতি কাৰ্যলয়ত থকা এটিএমটোৰ পৰা কেইবাজনো গ্ৰাহকে টকা উলিৱাওতে ২ হাজাৰ টকীয়া ফটা নোট সমুহ ওলায়। ৰঙিয়াৰ চিৰাখুন্দিৰ ইজাজুল হকে দেউতাকৰ চিকিৎসাৰ বাবে এটিএমটোৰ পৰা ১০ হাজাৰ টকা উলিওৱাত সকলোবোৰ নোট ফটা দেখা পাই বিমোৰত পৰে লোকজনে। একেদৰে আন কেইবাজনো গ্ৰাহকে টকা উলিওৱাত সকলোৰে ফটা ২ হাজাৰ টকীয়া নোট সমুহ ওলাবলৈ পৰাত এটিএমত ১১ খনকৈ ২ হাজাৰ টকীয়া ফটা নোট ওলোৱা সন্দৰ্ভত মহকুমাধিপতি অবগত কৰাত সাময়িকভাবে এটিএম মেচিনটো বন্ধ কৰি দিয়ে প্ৰশাসনে। কি কাৰণত এটিএমটোৰ পৰা ফটা নোট ওলাল সেই সন্দৰ্ভত ৰাইজৰ মাজত প্ৰশ্ন উৎথাপন হৈছে। বিশেষকৈ ধনৰ লেন দেনৰ ক্ষেত্ৰত সুৰক্ষিত স্থান হিচাপে বিবেচিত এটিএমৰ পৰা এনেদৰে অচল নোট ওলোৱাত ক্ষুব্ধ হৈ পৰে ভুক্তভোগী গ্ৰাহক সকল। ঘটনাস্থলীত বৰ্তমান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু এছবিআই কতৃপক্ষক অভিযোগ দিয়ে।