গুৱাহাটী, সংবাদ ৩৬৫, ১০ এপ্ৰিলঃ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এজন যুৱক৷ মুখত জাত জাত বিহুনামৰ অমিয়া লহৰ৷ বিহুৰ বতৰত অগণন লোকক মুহিছে বিদেশৰ এজন যুৱকে৷

নাম তেওঁৰ ইউনুছ ছিদ্দি৷ ঘৰ সুদূৰ আফ্ৰিকাত৷ বিহুৰ বতৰত সুমধুৰ সংগীতৰ লহৰেৰে ইউনুছে মন মুহিছে সকলোৰে৷ সম্প্ৰতি কোকৰাঝাৰত থকা ইউনুছ জড়িত হৈছে এটি মিউজিক বেণ্ডৰ লগত৷ কোকৰাঝাৰৰ সংগীতশিল্পী কমল সিংহই প্ৰতিষ্ঠা কৰা বেণ্ডটোৰ নাম হৈছে ‘কাজিৰঙা মিউজিক বেণ্ড’৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিহু মঞ্চত অনুষ্ঠান পৰিবেশনৰ পৰিকল্পনা কৰা কাজিৰঙা মিউজিক বেণ্ডৰ মুখ্য আকৰ্ষণ হ’ব ইউনুছ ছিদ্দিৰ সংগীতানুষ্ঠান৷ ইয়াৰ বাবে অৱশ্যে ইউনুছে বিগত দুবছৰে অসমত থাকি অসমীয়া সংগীতৰ বিশেষ সাধনা কৰি নিজকে প্ৰস্তুত কৰি তুলিছে৷ সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু নৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গীতৰ উপৰি অসমীয়া লোকসংগীতো শিকি নিজক সাজু কৰিছে ইউনুছে৷

ইউনুছ ছিদ্দিৰ সুৰীয়া সাধনাক লৈ খুবেই আশাবাদী কাজিৰঙা মিউজিক বেণ্ডৰ সহঃ শিল্পীসকল৷ তেওঁলোকৰ আশা নিগ্ৰো যুৱক ইউনুছ ছিদ্দিয়ে অসমৰ মৌমিঠা বিহু আৰু অন্যান্য সংগীতেৰে অসমবাসীৰ মৰম বুটলিবলৈ সক্ষম হ’ব৷

ইউনুছ ছিদ্দিৰ ভাইৰেল হৈ পৰা বিহুনামৰ ভিডিও চাবলৈ তলৰ লিংকত ক্লিক কৰক: