দক্ষিণ শালমাৰা 

১৩ এপ্ৰিল

অহা কালিৰ পৰা আৰম্ভ হয় ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ৰমজান মাহ। সম্পূৰ্ণ এটা মাহ মুছলমান লোক সকলে ৰোজা ৰাখি আল্লাহৰ ওচৰত দোৱা কৰিব। ৰোজা উপলক্ষে সমগ্ৰ বিশ্ববাসীৰ লগতে হাটশিঙিমাৰী-মানকাচৰতো ইছলাম ধৰ্মৰ লোক সকলৰ মাজত দেখিবলৈ পোৱা যায় ব্যপক প্ৰস্তুতি। এমাহৰ বাবে প্ৰতি পুৱা প্ৰায় চাৰি বজাৰ পূৰ্বে ৰোজা ৰখাৰ উদ্দেশ্যে মুছলমান লোক সকলে চেহেৰী গ্ৰহণ কৰিব আৰু বিয়লি প্ৰায় ৬ বজাৰ পিছত ইফতাৰ গ্ৰহণ কৰিব।

ৰমজান মাহৰ বাবে মুছলমান লোক সকলে এতিয়া প্ৰতিটো বজাৰতে ভিৰ কৰা পৰিলক্ষিত হৈছে। মাছ-মাংসৰ পৰা আৰম্ভ কৰি গাখীৰ-ফল-মুলকে ধৰি শাক-পাচলি ক্ৰয় কৰিবলৈ আজিৰ দিনটো বজাৰে বজাৰে গ্ৰাহকৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয়। গ্ৰাহকৰ এনে ভিৰ চাই মানকাচৰ আৰু হাটশিঙিমাৰীত মাছ-মাংসৰ দাম যথেষ্ট পৰিমানে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সাধাৰণ গ্ৰাহক সকলে পূৰ্বে যি মাছ ৪০০ টকা কেজি কিনিছিল সেই মাছ এতিয়া ৫০০-৬০০ টকা কেজি। একেদৰে ৬০০-৭০০ টকা দৰৰ মাছৰ দাম এতিয়া ৯০০-১০০০ টকালৈ বৃদ্ধি পাইছে। পঠা, ছাগলীৰ মাংস পৰ্বে ৫০০ টকা কেজি আছিল। আজিৰ দিনটোত ৬০০ টকা কেজি হৈছে। একেদৰে হাটশিঙিমাৰী বজাৰত ৬০ টকা লিটাৰৰ গাখীৰ আজি ১০০ টকাত বিক্ৰী হোৱাৰ উপৰিও প্ৰতিবিধ ফলমুলৰ দাম যথেষ্ট পৰিমানে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পানৰ দামও অস্বাভাবিকভাৱে বৃদ্ধি পাইছে হাটশিঙিমাৰীত। ৪০ টা পানৰ দাম পূৰ্বে ৩০ টকা আছিল যদিও বৰ্তমানে হাটশিঙিমাৰী বজাৰত ৪০ টা পানৰ দাম ১০০-১২০ টকা। কেৱল মাছ-মাংস, গাখীৰ, ফলমুল বা পানে নহয়, শাক-পাচলিকে ধৰি প্ৰতিটো কেচা সামগ্ৰীৰ দাম ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে হাটশিঙিমাৰী বজাৰত।

প্ৰতি বছৰে ৰমজান মাহৰ সময়ত এইদৰে মানকাচৰ, হাটশিঙিমাৰীত প্ৰতিটো সামগ্ৰীৰ দাম ব্যাপক হাৰে বৃদ্ধি পোৱা দেখা যায়। ৰমজান মাহৰ গইনা লৈ একাংশ ব্যৱসায়ীয়ে এইদৰে প্ৰতিটো সামগ্ৰী চৰা দামত বিক্ৰী কৰি আহিছে কিন্তু উপায়হীন নাছৰবান্ধা গ্ৰাহকে চৰা দামতে সামগ্ৰী ক্ৰয় কৰিবলগীয়া হৈছে।জিলাৰ সদৰ হাটশিঙিমাৰী দৈনিক বজাৰখন জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা মাত্ৰ প্ৰায় ৫০ মিটাৰ নিলগত অৱস্থিত। এই ক্ষেত্ৰত হাটশিঙিমাৰী বজাৰখন জিলা প্ৰশাসন বা অসম চৰকাৰৰ যোগান বিভাগে নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপিত হৈছে।