গুৱাহাটী

১৩ এপ্ৰিল

কভিড-১৯ অতিমাৰীৰ শেহতীয়া সংক্রমণ ৰােধ কৰাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে ব্যাপক হাৰত কভিড পৰীক্ষা কৰাৰ উপৰি মাইক্র’ কন্টেইনমেন্ট জন সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে। মঙলাবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জিলা উপায়ুক্ত, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু কভিড-১৯ ব্যৱস্থাপনাৰ সৈতে জড়িত সংশ্লিষ্ট বিষয়াসকলৰ সৈতে হােৱা পর্যালােচনাত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এই মহামাৰী ৰােধ কৰাৰ দিশত ওপৰােক্ত দুয়ােটা পদক্ষেপ লােৱাৰ বাবে জিলা উপায়ুক্তসকলক নির্দেশ দিয়ে।উপায়ুক্তসকলৰ সৈতে হােৱা আলােচনাত মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ বিভিন্ন প্রান্তত কভিড-১৯ ৰ দ্বিতীয় লহৰে কিছু পৰিমাণে বিপর্যয় সৃষ্টি কৰিছে যদিও অসমে এতিয়ালৈকে এই সংক্ৰমণৰ ব্যাপকতা প্রত্যক্ষ কৰা নাই।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সংক্রমণ ৰােধ কৰাৰ দিশত অতিশীঘ্রে ব্যাপক পদক্ষেপ লােৱাৰ বাবে উপায়ুক্তসকলক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে ব্যাপক পৰীক্ষা কার্য চলাই যিসকলৰ পজিটিভ পােৱা যায় সেইসকল ৰােগীক যাৱতীয় চিকিৎসাৰ ব্যৱস্থা কৰাৰ ওপৰতাে গুৰুত্ব আৰােপ কৰে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কয় যে স্থানীয় সংক্রমণ ৰােধৰ বাবে মাইক্র’ কন্টেইনমেন্ট জন সৃষ্টি কৰাৰ উপৰি সময় সাপেক্ষ পৰীক্ষণ ব্যৱস্থাই এই ৰােগৰ সংক্রমণ ৰােধ কৰাত সহায়ক হ’ব। আলােচনাকালত মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্তসকলক প্রধানমন্ত্রীয়ে টীকা উৎসৱৰ সফলতাৰ বাবে জনােৱা আহ্বান আক্ষৰিক অর্থত বাস্তৱায়িত কৰাৰ বাবেও নির্দেশ দিয়ে। এই ক্ষেত্ৰত যােগ্য সকলাে হিতাধিকাৰীকে সামৰি লােৱাৰ পদক্ষেপ ল’বলৈও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে লগতে পৰীক্ষা কার্য ব্যাপক ৰূপত চলাই নিয়াৰ বাবে উপায়ুক্তসকলক তেওঁৰ নিয়ন্ত্ৰণত থকা স্বাস্থ্য বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকলক উপযুক্ত পদক্ষেপ লােৱাৰ বাবেও নির্দেশ দিয়ে। এই ক্ষেত্ৰত ব্যাপক জন সমাগম হােৱা স্থান যেনে ৰে’ল ষ্টেচন, বিমান বন্দৰ ইত্যাদিত উপযুক্ত পৰীক্ষা কেন্দ্র স্থাপনৰ ওপৰতাে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে। পর্যালােচনাৰ সময়তে মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকসকলক ৰাজ্যখনত দিনে অতি কমেও ১ লাখ পৰীক্ষা কার্য চলােৱাৰ দিশত উপযুক্ত পদক্ষেপ লােৱাৰ বাবেও নির্দেশ দিয়ে।আলােচনাৰ সময়তে মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্তসকলক যিকোনাে জৰুৰী অৱস্থাৰ মুখামুখি হ’ব পৰাকৈ কভিড কেয়াৰ চেণ্টাৰ, আইচ’লেশ্যন বেড, অক্সিজেন চিলিণ্ডাৰ ইত্যাদিৰ দৰে সাসুবিধা সৃষ্টিৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে।

ভেকচিন লােৱা আৰু কভিড পৰীক্ষাৰ প্রতি আগ্রহী কৰি তােলাৰ বাবে জিলাসমূহত উপযুক্ত জনসচেতনতা সৃষ্টিৰ ক্ষেত্ৰত জিলাসমূহৰ গুৰুত্বপূর্ণ ব্যক্তিসকলৰ সহায়-সহযােগিতা লােৱাৰ ওপৰতাে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে। সংক্রমণ ৰােধৰ দিশত স্বাস্থ্য বিভাগে ধার্য কৰি দিয়া কভিড-১৯ ৰ প্ৰ’টকল উপযুক্তভাৱে পালন কৰাৰ ওপৰতাে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে। কভিড-১৯ ৰ প্ৰথম লহৰত অসমে উল্লেখযােগ্য সফলতা লাভ কৰিছিল বুলি উল্লেখ কৰি দ্বিতীয় লহৰৰ ক্ষেত্ৰতাে অসমে যাতে এই ক্ষেত্ৰত এক আদৰ্শ ৰাজ্য হিচাপে পৰিগণিত হ’ব পাৰে ইয়াৰ প্রতি লক্ষ্য ৰাখি ফ্রন্টলাইন কর্মীসকলক উৎসর্গিত মনােভৱেৰে সেৱা আগবঢ়োৱাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। ভিডিঅ’ কনফাৰেন্স যােগে হােৱা পর্যালােচনাৰ সময়ত মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা প্রমুখ্যে উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।