গুৱাহাটী 

১৭ ফেব্ৰুৱাৰী

যোৱা ১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। শিৱসাগৰত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতা গৰাকীয়ে নিৰ্বাচনী ৰণডংকা বজাই যোৱাৰ পিছতে এইবাৰ অসম ভ্ৰমণলৈ আহিব প্ৰিয়ংকা গান্ধী। আহ ২৪ ফেব্ৰুৱাৰীত প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব অসমত।

আগন্তক বিধানসভা নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে। নিৰ্বাচনী যুঁজত নামি পৰিছে কংগ্ৰেছ, বিজেপিৰ লগতে এ আই ইউ ডি এফ আৰু নৱ গঠিত আঞ্চলিক দল সমূহ। পুনৰবাৰ দিছপুৰ দখল কৰাৰ উদ্দেশ্যে বিজেপিৰ হৈ নিৰ্বাচনী যুঁজত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহি থকাৰ সমান্তৰালে কংগ্ৰেছ দলৰ হৈ অসমত নিৰ্বাচনী ৰণডংকা বজাইছে ৰাহুল গান্ধীয়ে। ১৪ ফেব্ৰুৱাৰীত শিৱসাগৰ জিলাত ৰাহুল গান্ধীয়ে কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই যোৱাৰ পিছতে অহা ২৪ ফেব্ৰুৱাৰীত অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰিয়ংকা গান্ধী। তেজপুৰত কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী ৰণডংকা বজাবলৈ আহিব প্ৰিয়ংকা গান্ধী। উল্লেখ্য যে অসম বিধানসভা নির্বাচনকলৈ ফেব্ৰুৱাৰী মাহত কংগ্ৰেছ দলে মুঠ ৩ খন বিশাল জনাসভাৰ আয়োজন কৰিছে। ইয়াৰে প্ৰথমখন জনসভা অনুষ্ঠিত হৈছিল শিৱসাগৰ জিলাত। ৰাহুল গান্ধীয়ে প্ৰথমখন জনসভাত অংশগ্ৰহণ কৰাৰ পিছতে দ্বিতীয়খন জনসভা অনুষ্ঠিত হ’ব তেজপুৰত। কংগ্ৰেছ দলৰ দ্বিতীয়খন জনসভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে।

অসম বিধানসভা নিৰ্বাচনকলৈ ইতিমধ্যে কংগ্ৰেছ দলে আৰম্ভ কৰিছে অসম বচাওঁ আহক এক বিশেষ কাৰ্যসূচী। এই কাৰ্যসূচীৰ অধীনত কংগ্ৰেছৰ দলৰ নেতা-কৰ্মীয়ে বাছেৰে সমগ্ৰ অসম যাত্ৰা কৰি ৰাইজৰ লগত মত বিনিময় কৰিব। এই বিশেষ বাছ যাত্ৰাৰ নেতৃত্বত আছে, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়া আৰু সুস্মিতা দেৱ।