কুন্দন ভৰালী

নগাঁও

১৭ ফেব্ৰুৱাৰী

বুধবাৰে মাঘী সপ্তমী তিথি, অৰ্থাৎ সৰস্বতী পূজাৰ পিছৰতো দিনটোত ৰজা হংসধ্বৰ সিংহৰ দিনৰ পৰাই পৰম্পৰাগতভাৱে নগাঁও জিলাৰ চাপানালাত অনুষ্ঠিত হৈ আহিছে ঐতিহাসিক চম্পাৱতী মহা কুণ্ডমেলা। বুধবাৰেচ ম্পাৱতী মহা কুণ্ডমেলা উপলক্ষে পুৱাৰে পৰা অনুষ্ঠিত হোৱা পৰম্পৰাগত ঐতিহ্যমণ্ডিত মেলাখনৰ বাবে ব্যাপক আয়োজন দেখিবলৈ পোৱা যায় উদ্যোক্তা সমিতিৰ লগতে চাপানালাবাসীৰ মাজত।

মেলাস্থলীত প্ৰায় দুই শতাধিক বিভিন্ন বিপনী স্থাপন কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ব্যৱসায়ী সকলে। চাপানালাৰ বনভোজথলীত বুধবাৰৰ পুৱাৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া মেলাখনলৈ প্ৰায় লক্ষাধিক দৰ্শনাৰ্থী আগমন ঘটাৰ আশা প্ৰকাশ কৰিছে পৰিচালনা কমিটিয়ে। প্ৰবাদ অনুসৰি মাঘী সপ্তমী তিথিত কুণ্ডৰ জলৰাশিত স্নান কৰিলে পাপ খণ্ডন হোৱাৰ লগতে পূৰ্ণ হয় ভক্তৰ মনৰ সৎ অভিষ্ট। যাৰ বাবে বহু সংখ্যক ভক্ত আৰু দৰ্শনাৰ্থী কুণ্ড দৰ্শনৰ বাবে আৰোহন কৰিব লগীয়া হয় চাপানালালৈ যোৱা দূৰ্গম পথত।

পূৰ্বৰ দৰে এইবাৰো উক্ত পথটিৰে সুচল যাতায়তৰ বাবে উদ্যোক্তা সকলে হাবি-জঙ্ঘল আতৰাই চফা-চিকুন কৰি দিয়া পৰিলক্ষিত হৈছে। আশানুৰূপভাৱে বুধবাৰে পুৱাৰে পৰা দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হোৱা মেলাথলীৰ পৰিৱেশ সম্প্ৰতি উদুলি-মুদুলি হৈ পৰিছে।