জোনমণি বেগম

বিশ্বনাথ

১৬ ফেব্ৰুৱাৰী

বিশ্বনাথ চাৰিআলিত সংঘটিত হৈ এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। বনকৰা মহিলাই লুটি নিলে ঘৰৰ সামগ্ৰী। দেওবাৰে নিশা নিচা জাতীয় সামগ্ৰী সেৱন কৰোৱা পৰিয়ালটোত সদস্য সকলৰ মঙলাবাৰে বিয়লি ঘূৰি আহিল চেতনা। পৰিয়ালটোৰ পাঁচ গৰাকী সদস্য চিকিৎসলায়ত ভৰ্তি।

বিশ্বনাথ চাৰিআলি পুনৰ বনকৰা মহিলাই সংঘটিত কৰিলে ডকাইতি কাণ্ড। বিশ্বনাথ চাৰিআলিৰ দৈনিক বজাৰৰ সমীপৰ পৰিয়াল এটাৰ সদস্য সকলক খাদ্যৰ লগত নিচা জাতীয় সামগ্ৰী সেৱন কৰাই বনকৰা মহিলাই লুটি নিয়ে বহু মূল্যবান সামগ্ৰী। মুনু খান নামৰ এগৰাকী মহিলা গৰাকীৰ ঘৰত সংঘটিত হৈছে এই ঘটনা৷ দেওবাৰে নিশা বনকৰা মহিলাই মুনু খানৰ পৰিয়ালৰ লোকক খাদ্যৰ লগত নিচা জাতীয় সামগ্ৰী সেৱন কৰাই অচেতন কৰি লুটি নিয়ে ঘৰৰ সামগ্ৰী। মঙলাবাৰে বিয়লি পৰিয়ালটোৰ সদস্য সকলৰ চেতনা ঘূৰি অহাত ঘটনাৰ বিষয়ে জানিব পৰা যায়।

উল্লেখ্য যে প্ৰায় ১০ দিন পূৰ্ৱে বনকৰা মহিলা হিচাপে এগৰাকী মহিলা মুনু খানৰ ঘৰলৈ আহিছিল৷ নিচা জাতীয় সামগ্ৰী সেৱানৰ ফলত অসুস্থ হৈ পৰা পৰিয়ালটোৰ পাঁচ গৰাকীকৈ সদস্যক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।