কুন্দন ভৰালী

নগাঁও

৮ মাৰ্চ

ৰূপহীহাটত নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাৰ্ডে জব্দ কৰিলে ১ লাখ ২৯ হাজাৰ টকা। ৰূপহীহাট সমষ্টিৰ জুৰীয়াৰ নগাবন্দা তিনিআলিত জব্দ টকাখিনি। সোমবাৰে সন্ধিয়াৰ ভাগতো ফ্লাইং স্কোৱাৰ্ডে এখন বাহনত তালাচি চলাই নগদ ধন জব্দ কৰে। নগাঁও জিলাৰ পৰা সর্বাধিক ৫ টা নির্বাচনী আচৰণ বিধি ভংগৰ অভিযােগ পােৱা গৈছে।

জুৰীয়াৰ নগাবন্দা তিনিআলিত তালাচি চলাই জব্দ কৰিলে নগদ ১ লাখ ২৯ হাজাৰ টকা। গুলজাৰ হুছেইন আৰু আবুল কালাম নামৰ দুজন লোকৰ পৰা ফ্লায়িং স্কোৱাৰ্ডে টকাখিনি জব্দ কৰে। গুলজাৰ হুছেইন আৰু আবুল কালামে নগদ ধনখিনি নগাঁৱৰ জুৰীয়া মৰনগাঁও সাৰদোকানীক দিবলৈ আনি থকা অৱস্থাত ফ্লায়িং স্কোৱাৰ্ডে তালাচি চলাই টকাখিনি জব্দ কৰে। এখন ইঅ’ন গাড়ীৰে আহি আছিল গুলজাৰ হুছেইন আৰু আবুল কালাম। সোমবাৰে সন্ধিয়াৰ ভাগতো ফ্লায়িঙ স্কোকাৰ্ডে নগাঁৱত এখন বাহনৰ পৰা নগদ ধন জব্দ কৰে। নাজিমউদ্দিন নামৰ এজন লোকৰ পৰা ফ্লায়িঙ স্কোকাৰ্ডে নগদ ধন জব্দ কৰে। নগাঁৱৰ লক্ষীনগৰত ফ্লায়িঙ স্কোৱাডে তালাচি চলাই নাজিমউদ্দিনৰ বাহনৰ পৰা নগদ ধন জব্দ কৰে।উল্লেখ্য যে অসম বিধানসভা নির্বাচনৰ নির্বাচনী আচৰণ বিধি বলবৎ হােৱাৰ পৰা যােৱা ৯ দিনত ৰাজ্যত ২.৭২ কোটি নগদ ধন আৰু ২ লাখ ৪০ হাজাৰ লিটাৰ সুৰা জব্দ হৈছে। আৰক্ষী, ফ্লায়িং স্কোয়াড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু আবকাৰী বিভাগে অভিযান চলাই জব্দ কৰিছে নগদ ধন আৰু সুৰা।

নিৰ্বাচনত কলাধনৰ ব্যৱহাৰ ৰােধ, সুৰাৰ অবৈধ ব্যৱহাৰ আৰু অন্যান্য মূল্যবান সা-সম্পদৰ সন্দেহজনক সৰবাৰহৰ ক্ষেত্ৰত ভাৰতীয় নির্বাচন আয়ােগে প্ৰদান কৰা নীতি নির্দেশনাৰ ভিত্তিত চোকা নজৰ ৰাখিছে আৰক্ষী, ফ্লায়িং স্কোয়াড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু আবকাৰী বিভাগে। উল্লেখযােগ্য যে, বৰপেটা, বিজনী, ধেমাজি, ধুবুৰী, হাইলাকান্দি, কৰিমগঞ্জ, মৰিগাঁও, নগাঁও, নাজিৰা, শিৱসাগৰ আৰু তিতাবৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা পােৱা মুঠ ২৩ টা নির্বাচনী আচৰণ বিধি ভংগৰ অভিযােগৰ ক্ষেত্ৰতাে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নগাঁও জিলাৰ পৰা সর্বাধিক ৫ টা নির্বাচনী আচৰণ বিধি ভংগৰ অভিযােগ পােৱা গৈছে ।