জোনমণি বেগম

বিশ্বনাথ

৮ মার্চ

সোমবাৰৰ পৰা অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আৰম্ভণি হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী যুঁজৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰা প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল আৰম্ভ কৰিছে। মনোনয়ন পত্ৰ দাখিলৰ প্ৰথম দিনটোত প্ৰাৰ্থীত্ব লাভ কৰা বহু প্ৰাৰ্থীয়ে দাখিল কৰিছে নিজৰ নিজৰ মনোনয়ন পত্ৰ।

মনোনয়ন পত্ৰ দাখিলৰ প্ৰথম দিনটোত বিশ্বনাথ জিলাৰ বিশ্বনাথ বিধানসভা সমষ্টি আৰু বিহালী বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী দুগৰাকীয়ে দাখিল কৰে মনোনয়ন পত্ৰ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৭৬ নং বিশ্বনাথ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰ আৰু ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰৰ পৰা দুয়োগৰাকী প্ৰাৰ্থীয়ে বিশাল পদযাত্ৰ উলিয়াই বিশ্বনাথৰ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয়।

বিশ্বনাথ আৰু বিহালী সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী দুগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰা মূহুৰ্তত হাজাৰ হাজাৰ দলীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে সমদলটোত। আনহাতে বিশ্বনাথ আৰু বিহালী সমষ্টিৰ দুয়োগৰাকী বিজেপি প্ৰাৰ্থী জিলা উপায়ুক্ত কাৰ্যালয়ত নিজ নিজ মনোনয়ন পত্ৰ দাখিল কৰি সাংবাদিকৰ আগত প্ৰকাশ কৰে যে সমাগত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১০০% আসন লাভ কৰাৰ লগতে বিশ্বনাথ আৰু বিহালী সমষ্টিত বিজেপি দলৰ জয় নিশ্চিত।