গুৱাহাটী, সংবাদ ৩৬৫, ২১ মে’ : এন আৰ চিৰ প্ৰক্ৰিয়াত ভুৱা আপত্তি তথা আপত্তি প্ৰক্ৰিয়াৰ অপব্যৱহাৰৰ প্ৰসংগকলৈ সচেতন মহল তথা ভুক্তভোগীসকলে এখন নাগৰিক সভাৰ লগতে সংবাদমেলৰ আয়োজন কৰে ।

এন আৰ চিত ভুৱা আপত্তি আৰু সমগ্ৰ প্ৰক্ৰিয়াত হাৰাশাস্তিৰ সন্মুখীন হোৱা ব্যক্তিসকলে নিজৰ অভিজ্ঞতাসমূহ বৰ্ণনা কৰাৰ লগতে এন আৰ চি প্ৰক্ৰিয়াক চক্ৰান্তমূলকভাৱে জাতিধ্বংসী ৰূপ দিয়া বন্ধ কৰি বৈধ ভাৰতীয় নাগৰিকৰ নাম বাদ নপৰাকৈ শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰিবলৈ কিছুমান দাবী উত্থাপন কৰে।

অভিযোগ উত্থাপন কৰি তেওঁলোকে কয় যে এনে আৰ চিৰ বহুত কথাই উচ্চতম ন্যায়ালয়ক জনোৱা হোৱা নাই আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতেও হৈ থকা নাই। এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সম্পূৰ্ণ মইমতালিৰে কাম চলাই গৈছে। ইফালে আপত্তিকাৰী শুনানীৰ সময়ত উপস্থিত নথকা বিষয়টোক লৈ প্ৰতীক হাজেলাই এক নিৰ্দেশনা জাৰি কৰি এক পক্ষীয় সিদ্ধান্ত লব কৈছে কিন্তু কেনেদৰে নিস্পত্তি কৰিব সেইয়া স্পষ্ট হোৱা নাই নিৰ্দেশত।

ইয়াৰোপৰি এ আৰ এন নম্বৰ কোনে যোগান ধৰে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভতো উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে বুলি ভুক্তভোগীসকলে দাবী কৰে । লগতে কেবিনেট উপ-সমিতিয়ে বিভিন্ন পক্ষৰ লগত আলোচনা মৰ্মে গ্ৰহণ কৰা মডেলিটিছ এণ্ড এছ অ পিৰ ডি এন এ পৰীক্ষাৰ বিষয়টো পুনৰ বিবেচনা কৰিবৰ বাবে আহ্বান জনায়।

ইফালে, ৰাজ্যৰ বৃহৎ সংখ্যক ইছলাম ধৰ্মী লোকে পবিত্ৰ ৰমজান মাহৰ ৰোজা পালন কৰিও শুনানীত সহযোগিতা কৰি আহিছে। ৰমজানৰ ৰোজাৰ সমাপ্তিৰ পাছত অৰ্থাৎ ৫/৬ তাৰিখে হ’ব লগা ঈদুল-ফিতৰৰ বাবে ৪ৰ পৰা ৬ জুনলৈকে এন আৰ চিৰ আপত্তি, শুনানীৰ কাম বন্ধ ৰখাৰ বাবে এন আৰ চি কৰ্তৃপক্ষৰ ওচৰত আবেদন জনায় । কাৰণ ঈদৰ প্ৰাক মুহূৰ্তত গাড়ী চলাচলৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব ।