গুৱাহাটী, সংবাদ ৩৬৫, ২১ মে’ : শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ ৪৭৩ তম জন্ম জয়ন্তী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত কৰা হ’ব। অহা ১৩, ১৪ আৰু ১৫ জুনত অনুষ্ঠিত কৰা হব এই জন্ম জয়ন্তী।

জন্ম জয়ন্তীৰ প্ৰথম দিনাৰ কাৰ্যসূচীত গুৰু আসন প্ৰতিষ্ঠা আৰু সেৱা সমিতিৰ ধৰ্ম ধ্বজা উত্তোলনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হব। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনজাতীয় লোকশিল্পীৰ দলক অনুষ্ঠান পৰিবেশনৰ বাবেও আমন্ত্ৰণ জনোৱা হৈছে ।

দ্বিতীয় দিনাৰ কাৰ্যসূচীত এক বাৰেৰহনীয় সাংস্কৃতিক শোভাযাত্ৰা থাকিব । য’ত অংশগ্ৰহণ কৰিব সত্ৰীয়া নৃত্য-গীত-ভাওনাৰ লগতে মুখা ভাওনাৰ শিল্পী দলে ৰয় প্ৰদৰ্শিত হব জনজাতীয় আৰু অজনজাতীয় লোক নৃত্যৰ চহকী পৰম্পৰা।

আনহাতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে দ্বিতীয় আৰু তৃতীয় দিনাৰ কাৰ্যসূচীত দুখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে।

জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এইবাৰো “শ্ৰী শ্ৰী বদলা পদ্ম আতা বঁটা” অনুষ্ঠানিকভাৱে প্ৰদান কৰা হব। এইবাৰৰ বঁটা লাভ কৰিব লক্ষীমপুৰ বিহপুৰীয়াৰ চাৰিণী সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাথ লাগাচো । এই বঁটা প্ৰদান কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে।