মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা আৰু সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ পৰা বিগত দুদিনত বিএছএফ আৰু আৰক্ষীয়ে মুট ১৯ টাকৈ পশুধন জব্দ কৰাৰ লগতে এজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী আৰু বিএছএফে অভিযান চলাই নদী পথেৰে গৰু সৰবৰাহ কৰা এটা যন্ত্ৰ চালিত নাওঁ জব্দ কৰিছে।

দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত খাৰুৱাবান্ধা আৰক্ষী চকীৰ আৰক্ষীৰ দল এটা ভাৰত-বাংলাদেশ সীমান্তৰ কোকৰাডাঙা-কালাইৰ আলগাত অভিযান চলায়। খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ছমিৰন ডেকাৰ নেতৃত্বত চলা অভিযানত চাৰিটা গৰুসহ এজন গৰু সৰবৰাহকাৰী আটক হয়। ধৃত গৰু সৰবৰাহকাৰীজন সুখচৰ থানাৰ অন্তৰ্গত কাছাৰীপাৰা গাঁৱৰ ফটিক সেখৰ পুত্ৰ জাকিৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে।

ইতিমধ্যে খাৰুৱাবান্ধা আৰক্ষীয়ে ৩২১/২১ নম্বৰত এটা গোচৰ ৰজু কৰি সোমবাৰে গৰু সৰবৰাহকাৰীজনক হাটশিঙিমাৰী মহকুমা ন্যায়িক আদালতত হাজিৰ কৰাত আদালতে গৰু সৰবৰাহকাৰীজনক ধুবুৰী হাজতলৈ প্ৰেৰণ কৰে। জানিব পৰা মতে দীৰ্ঘদিনৰ পৰা গৰু সৰবৰাহকাৰী হিচাপে নিয়োজিত জাকিৰ হুছেইন দেওবাৰে নিশা গৰু কেইটা লৈ ভাৰত-বাংলাদেশ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ ফালে গৈ থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে।

মানকাচৰৰ ভাৰত-বাংলাদেশ কাইটীয়া তাঁৰৰ বেৰ থকা সীমান্তত গৰু সৰবৰাহকাৰীয়ে বাহৰ দ্বাৰা নিৰ্মিত ঢেঁকীৰ সহযোগত বাংলাদেশলৈ গৰু সৰবৰাহ কৰে। আনহাতে জিলাখনৰ সুখচৰ থানাৰ অধীনত থকা ভাৰত-বাংলাদেশ সীমান্তৰ ছালাপাৰা বিএছএফ কেম্পৰ অধনীত থকা নদী পথৰ পৰা ৪১ নং বিএন বিএছএফ বাহিনীয়ে দেওবাৰে পুৱতি নিশাৰ ভাগত নদীৰ মাজত বাংলাদেশলৈ গৰু পাৰা কৰা এটা যন্ত্ৰ চালিত নাও, ৯ টা গৰু আৰু ৬ টা মহ জব্দ কৰিছে।

বিএছএফৰ এই অভিযানৰ উমান পাই গৰু সৰবৰাহকাৰী দলটো নাও তথা গৰু এৰি নদী সাঁতুৰী পলায়ন কৰে যদিও বিএছএফে ১৫ টা পশুধনসহ নাওখন উদ্ধাৰ কৰি সুখচৰ থানাত চমজাই দিয়ে।জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ মাজেৰে গৰু মাফিয়াই গৰু সৰবৰাহকাৰীৰ দ্বাৰা বিভিন্ন কৌশন অৱলম্বন কৰি বাংলাদেশলৈ গৰু সৰবৰাহ কৰি আহিছে। বিশেষকৈ নদী সীমান্তত গৰু সৰবৰাহকাৰীয়ে কল গছৰ ভূৰত গৰু বান্ধি নদী পথেৰে বাংলাদেশলৈ গৰু চালনা কৰে।