দক্ষিণ শালমাৰা : ধুবুৰীৰ পৰা দক্ষিণ পাৰলৈ যাতায়ত কৰা ১৪ খন ফেৰীত তিনিশ যাত্ৰীৰ পৰিৱৰ্তে ৭-৮ খন লাইফ জেকেট ৰাখি যাত্ৰীৰ জীৱনক লৈ খেলিছে হেতালি একাংশ ফেৰী চালকৰ। কাঠ আৰু টিনৰ দ্বাৰা নিৰ্মিত পুৰণি ফুটা থকা ফেৰীৰে কঢ়িওৱা হয় যাত্ৰী। যাত্ৰীবাহী ফেৰীত যাত্ৰীৰ লগতে ট্ৰাকে ট্ৰাকে নিয়া হয় সামগ্ৰী। নিৰ্বিকাৰ জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহন বিভাগ। হাটশিঙিমাৰী আৰু ধুবুৰীৰ মাজত ৰো-পেক্স সেৱা পুনৰ মুকলি কৰাৰ দাবী ৰাইজৰ।

উত্তৰ গুৱাহাটী, নিমাতিঘাটত তথা মেদেৰটাৰীৰ ফেৰী দুর্ঘটনাৰ পিছতো শিক্ষা নাপালে ধুবুৰী-দক্ষিণ পাৰলৈ চলাচল কৰা ফেৰী চালক সকলে। প্ৰতিদিনে ধুবুৰী আৰু দক্ষিণ পাৰলৈ মুঠ ১০ টা স্থানত ১০ খন ফেৰী চলাচল কৰে। ধুবুৰী ফেৰী সন্থাৰ অধীনত মুঠ ১৪ খন ফেৰী অন্তৰভুক্ত হৈ আছে। ১৪ খন ফেৰীৰ পৰা প্ৰতিদিনে ১০ খন ফেৰী ধুবুৰীৰ পৰা দক্ষিণ পাৰৰ বিভিন্ন ঘাটলৈ অহা-যোৱা কৰে। ধুবুৰী ফেৰী সন্থা অৰ্থাৎ লেচীয়ে ফেৰী চলাচলক লৈ চলাইছে এক অঘোষিত চিণ্ডিকেটৰাজ।

কোনখন ফেৰী কোন ঠাইৰ কোন ঘাটত যাব সেয়া নিৰ্ণয় কৰে ধুবুৰীৰ ফেৰী সন্থা লেচীয়ে। কিন্তু লেচীৰ অধীনত চলাচল কৰা ফেৰী সমূহ কোনো ধৰণৰ চৰকাৰী নীতি নিৰ্দেশনা মানি চলা পৰিলক্ষিত হোৱা নাই। ধুবুৰীৰ পৰা দক্ষিণ পাৰলৈ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰে প্ৰতিদিনে চলাচল কৰা ১০ খনকৈ ফেৰীত প্ৰায় দুই-তিনিশ জনকৈ যাত্ৰী কঢ়িওৱা হয়। কিন্তু এই সমূহ ফেৰীত দুই-তিনিশজন যাত্ৰীৰ পৰিবৰ্তে আছে মাত্ৰ ৭-৮ খনকৈ লাইফ জেকেট। ইয়াৰো একাংশ ফেৰীত থকা লাইফ জেকেট সমূহ ছিঙি নষ্ট হৈ পৰিছে।

লেচীৰ অধীনত ধুবুৰীৰ পৰা দক্ষিণ পাৰলৈ প্ৰতিদিনে চলাচল কৰা ১০ খনকৈ যাত্ৰীবাহী ফেৰীত অত্যাধিক যাত্ৰীৰ লগতে অত্যাধিক সামগ্ৰী কঢ়িওৱা হয়। ফলত যাত্ৰী সকলে নিৰাপত্তাহীনতাত ভূগি থকা পৰিলক্ষিত হৈছে। বিশেষকৈ শনিবাৰে বিয়লি প্ৰায় ৪.৫০ বজাত ধুবুৰীৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ কোকৰাডাঙা ফেৰী ঘাটত অহা এখন ফেৰীত প্ৰায় চাৰি-পাঁচশ যাত্ৰীৰ লগতে দুই ট্ৰাক ভৰ্তিৰ সমান সামগ্ৰী কঢ়িয়াই অনাক লৈ যাত্ৰী আৰু ফেৰী কতৃপক্ষৰ মাজত তৰ্কাতৰ্কি হয়।

ধুবুৰীৰ পৰা হাটশিঙিমাৰীলৈ ফেৰীৰে যাতায়ত কৰাত প্ৰায় ৪ ঘণ্টা সময় লাগে। অথচ ফেৰীত বহিবলৈ পৰ্যাপ্ত ঠাই নথকাৰ লগতে ফেৰীৰ ওপৰ ভাগত সামগ্ৰীৰে ভৰ্তি কৰাৰ ফলত যাত্ৰী সকলে থিয় হৈ থকাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সম্মুখীন হোৱাত যাত্ৰী সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। একেদৰে শনিবাৰে ধুবুৰীৰ পৰা কোকৰাডাঙালৈ অহা বিয়লিৰ এই ফেৰীখনৰ আগফালে দুটাকৈ ফুটা ওলোৱাক কেন্দ্ৰ কৰি যাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এই সন্দৰ্ভত ফেৰী কতৃপক্ষক সাংবাদিকে প্ৰশ্ন কৰাত ফুটা সোনকালে ঠিক কৰা হ’ব বুলি মন্তব্য কৰে ফেৰী কতৃপক্ষই।

ইফালে কেন্দ্ৰীয় চৰকাৰে হাটশিঙিমাৰী আৰু ধুবুৰীৰ মাজত চলাচলৰ বাবে এখন ৰো-পেক্স জাহাজ সেৱা মুকলি কৰি দিছিল। কিছুদিনৰ বাবে এই ৰো-পেক্স জাহাজ সেৱা ধুবুৰী আৰু হাটশিঙিমাৰীৰ মাজত যাতায়াত কৰাত যাত্ৰী সকলে নদীত চলাচল কৰাত সুৰক্ষিত বুলি অনুভৱ কৰিছিল। কিন্তু এই ৰো-পেক্স জাহাজখন নষ্ট হোৱাত ফেৰীখন হাটশিঙিমাৰীৰ পৰা গুৱাহাটীলৈ নিয়া হয়। ইয়াৰ পৰবৰ্তী সময়ত জাহাজৰ বাবে দক্ষিণ শালমাৰা-মানকাচৰ জিলাবাসীয়ে দাবী উত্থাপন কৰাত পুনৰবাৰ জাহাজখন হাটশিঙিমাৰী আৰু ধুবুৰীৰ মাজত চলাচল আৰম্ভ কৰা হয়।

ইয়াৰ মাজতে ৰহস্যজনকভাৱে পুনৰ দ্বিতীয় বাৰৰ বাবে নদীত পানী কম হোৱাৰ দোহাই দি জাহাজখন চলাচল বন্ধ কৰি দিয়া হয়। ইয়াক লৈ একাংশ সংবাদ মাধ্যমে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰাৰ পিছত উক্ত জাহাজখন ধুবুৰী আৰু ফকিৰগঞ্জৰ মাজত চলাচল আৰম্ভ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতাত হাটশিঙিমাৰী আৰু ধুবুৰীৰ বাবে ৰো-পেক্স সেৱাৰ জাহাজ চলাচল আৰম্ভ কৰা হয় যদিও দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পৰা ৰো-পেক্স জাহাজখন ৰহস্যজনকভাৱে স্থানান্তৰ কৰি ধুবুৰী জিলাৰ অধীনত থকা ধুবুৰী আৰু ফকিৰগঞ্জৰ মাজত চলাচল আৰম্ভ কৰা হয়।

ৰো-পেক্স জাহাজখন ধুবুৰী আৰু ফকিৰগঞ্জৰ মাজত চলাচল আৰম্ভ কৰাকলৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জিলাবাসীৰ দাবী চৰকাৰী ৰো-পেক্স জাহাজ সেৱা পুনৰ হাটশিঙিমাৰী আৰু ধুবুৰীৰ মাজত চলাচল কৰিব লাগে। অন্যথা জিলা প্ৰশাসন তথা অভ্যন্তৰীণ জল পৰিবহন বিভাগৰ বিৰুদ্ধে হাটশিঙিমাৰী জিলাবাসীয়ে গণতান্ত্ৰিক আন্দোলনৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও চৰকাৰক সকীয়নি প্ৰদান কৰে স্থানীয় ৰাইজে।