গুৱাহাটী : মহানগৰী গুৱাহাটীত ভয়ংকৰ পথ দুর্ঘটনা। এখন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়ে কেইবাজনো লোকক। ২ লোকৰ মৃত্যু, গুৰুত্বৰভাৱে অহাত ৩ জনকৈ লোক। উত্তেজিত ৰাইজৰ অগ্নি সংযোগ কৰে ট্ৰাকখনত।

মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। বৰাগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰ বেগী ট্ৰাকে কেইবাজনো লোকক মহতিয়াই নিয়াত ২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুত্বৰভাৱে আহত হয় ৩ জনকৈ লোক।

জালুকবাৰী অভিমুখে গৈ থকা এনএল-০১-এই-৯৭৩৩ নম্বৰৰ এখন ট্ৰাকে এফালৰ পৰা মহতিয়াই নিয়ে কেইবাজনো লোকক। ট্ৰাকখন বিপৰীত দিশৰ পৰা জালুকবাৰী অভিমুখে গৈ আছিল। ১৬ চকীয়া ট্ৰাকখনে বৰাগাঁও চাৰিআলিত এখন স্কুটীক গোটানগৰলৈ মহতিয়া নিয়ে।

এই ভয়ংকৰ পথ দুর্ঘটনাত দুটি কণ কণ শিশুসহ ৩ জনকৈ লোক গুৰুত্বৰ ভাৱে আহত হোৱাৰ লগতে ২ জন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে। উত্তেজিত ৰাইজে ১৬ চকীয়া ট্ৰাকখন ত অগ্নি সংযোগ কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

জানিব পৰা মতে ১৬ চকীয়া ট্ৰাকখনে অবৈধভাৱে গৰু সৰবৰাহ কৰিছিল। দুৰ্ঘটনাৰ পিছত ট্ৰাকখনত ৰাইজে অগ্নি সংযোগ কৰাৰ পিছতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তীব্ৰ যানযঁতৰ সৃষ্টি হয়। গোটানগৰৰ পৰা শৰাইঘাট দলংলৈ যানযঁতৰ সৃষ্টি হোৱাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শ শ বাহন আৱদ্ধ হৈ পৰে।