মানকাচৰ : ফকিৰগঞ্জত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল দুজন ড্ৰাগছ সৰবৰাহকাৰী। গাওঁৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে চলাইছিল ড্ৰাগছ বিৰোধী অভিযান।

দক্ষিণ শালমাৰ-মানকাচৰ জিলাৰ ফকিৰগঞ্জৰ ৰাভাৰচলাৰ কুৰা গাঁৱত গাওঁৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজন ছোটোকলিয়া গাঁৱৰ জাহান আলীৰ পুত্ৰ জাহিদুৰ ইছলাম আৰু আইৰকাটা বালুপাৰা গাঁৱৰ প্ৰয়াত আবুল হোছেইনৰ পুত্ৰ ছহিদুৰ ৰহমানক বুলি জানিব পৰা গৈছে।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে ২৭০ টা নিচাজাতীয় টেবলেট, ৩টা কনটেইনাৰ ভৰ্তি সন্দেহজনক ব্ৰাউন ছুগাৰ আৰু নগদ ৩২ হেজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম যহৈছে। বৰ্তমান আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনক ফকিৰগঞ্জ থানাত অধিক তথ্যৰ বাবে জেৰা চলাই আছে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা চলাই যুৱ চামক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপিত হৈ আছিল। বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তিত ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰিবলৈ সক্ষম হয়।