আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰত ৰাইজৰ উত্তাল প্ৰতিবাদ। অবৈধভাৱে বিল খননৰ অভিযোগত শিৱসাগৰত ৰাইজৰ উত্তাল প্ৰতিবাদ। অবৈধভাৱে বিল খননৰ অভিযোগত পথ অৱৰোধ কৰি ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। স্থানীয় ৰাইজৰ জীৱিকাৰ প্ৰতি ভাবুকি অহা আশংকা প্ৰকাশ কৰি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে ৰাইজ।

অবৈধভাৱে বিল খননৰ অভিযোগ উত্থাপন কৰি শিৱসাগৰৰ ডেকা বৰবৰুৱা পথত অৱৰোধ কৰে ৰাইজে। লংচাই বিলৰ অবৈধ খননৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজৰ পথ আৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ঐতিহাসিক লংচাই বিলখন ৰত্নেশ্বৰ টায়ে নামৰ এজন লোকে অবৈধভাৱে খনন কৰি ফিছাৰী সজাৰ অভিযোগ ৰাইজৰ।

শিৱসাগৰৰ ঐতিহাসিক লংচাই বিলখন স্থানীয় লোকৰ জীৱিকাৰ একমাত্ৰ সম্বল। স্থানীয় নিবনুৱা লোকে ঐতিহাসিক লংচাই বিলত মাছ পালন কৰি জীৱিকা মুকলাই আহিছে। কিন্তু বিলখন অবৈধভাৱে খননৰ কৰি ফিছাৰী সাজিলে ৰাইজৰ জীৱিকাৰ প্ৰতি ভাবুকি অহাৰ আশংকা প্ৰকাশ কৰিছে প্ৰতিবাদকাৰী ৰাইজে।

শিৱসাগৰ জিলা প্ৰশাসনক এই সন্দৰ্ভত ৰাইজে লিখিত অভিযোগ দাখিল কৰাৰ পিছতো আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ৰাইজ ক্ষোভিত হৈ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে বুলি প্ৰতিবাদকাৰী সকলে মন্তব্য কৰে‌। ৰত্নেশ্বৰ টায়েৰ লগত শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ৰনোজ পেগুৰ সু-সম্পৰ্ক থকাৰ বাবে জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুত্বৰ অভিযোগ ৰাইজৰ।