গুৱাহাটী : মহানগৰ আৰক্ষীৰ জালত যোৱা দুদিনত ২৫ জনকৈ ড্ৰাগছ সৰবৰাহকাৰী। সৰবৰাহকাৰী কেইজনৰ ভিতৰত আছে কেইবাগৰকী মহিলা। পল্টন বজাৰ, পান বজাৰ আৰু লতাশিল আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে এই ২৫ জন ড্ৰাগছ সৰবৰাহকাৰীক। যোৱা দুদিনত মহানগৰীত জব্দ হৈছে ৪০ গ্ৰাম সন্দেহযুক্ত হে’ৰইন।

ড্ৰাগছ মুক্ত অসমৰ সংকল্প হাতত লৈ অসম আৰক্ষীয়ে আৰম্ভ কৰা ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ইতিমধ্যে ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলাই অসম আৰক্ষীয়ে কেইবাটাও বৃহৎ আৰু গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে যদিও আৰক্ষীৰ অভিযান ধাৰাবাহিকভাৱে চলি আছে।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীটো মহানগৰ আৰক্ষীয়ে তীব্রতৰ কৰি ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। বিগত দিনত মহানগৰ আৰক্ষীয়ে অভিযান চলাই কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে বৃহৎ পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ।

ইয়াৰ মাজতে যোৱা দুদিনত মহানগৰীৰ পল্টন বজাৰ, পান বজাৰ আৰু লতাশিল আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্ৰ কৰি ২৫ জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গান্ধীবস্তি আৰু লাখটকীয়াৰ পৰা আৰক্ষীয়ে এই ২৫ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ভিতৰত আছে কেইবাগৰকী মহিলা সৰবৰাহকাৰী।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা আৰক্ষীয়ে প্ৰায় ৩০০ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ লগতে ৪০ গ্ৰাম হে’ৰইন জব্দ কৰিছে। জব্দ হে’ৰইনখিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।মঙলবাৰে নিশাৰ ভাগতে আৰক্ষীয়ে ৯ জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল।