ভাস্কৰজ্যোতি মহন্ত

নাজিৰা : চৰকাৰ সলনি হ’ল কিন্তু সলনি নহ’ল নাজিৰাৰ ৪ নং ৱাৰ্ড। বিগত ৩০ টা বছৰ ধৰি কোনোধৰণৰ উন্নয়নৰ মুখ দেখা নাই নাজিৰাৰ ৪ নং ৱাৰ্ড। হৰিজন কলনি হিচাপে পৰিচিত এই ৱাৰ্ডত ৮০০ ৰো অধিক লোকে বসবাস কৰি আছে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত। বিগত ৩০ টা বছৰে এই লোকক সকলে জীৱন কটাব লগীয়া হৈছে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে।

Please like sangbad 365 Facebook page and subscribe sangbad 365 YouTube channel for latest news.

৪ নং ৱাৰ্ডৰ হৰিজন কলনি কাষতে লাগি থকা নাজিৰা অএনজিচিৰ আৱাসীক এলেকাৰ পৰা অহা লেতেৰা পানী অঞ্চলটোৰ লোকসকলৰ ঘৰত সোমাই অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে। বাৰে বাৰে অএনজিচিৰ কৰ্তৃপক্ষক এই সম্পৰ্কে জনোৱা পিছতো এই লোকসকলৰ অভিযোগক কোনো ধৰণ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ অএনজিচিৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অঞ্চলবাসী ৰাইজৰ।

৪ নং ৱাৰ্ডৰ এই হৰিজন কলনিৰ লোকসকলে নাজিৰা পৌৰসভাত কাম কৰি জীৱন নিৰ্বাহ কৰি আছে কিন্তু অঞ্চলটোৰ এই সমস্যা সমূহ সমাধান কৰাৰ ক্ষেত্ৰতো কিন্তু আজিলৈকে নাজিৰা পৌৰসভাই কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে।অঞ্চলটোৰ নলা নৰ্দমাবোৰও পৰিস্কাৰ কৰাৰ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ পৌৰসভাৰ বিৰুদ্ধে।

নাজিৰা পৌৰসভাক বাৰে বাৰে এই সমস্যাৰ বিষয়ে অৱগত কৰাৰ পিছতো কাণসাৰ নাই নাজিৰা পৌৰসভাৰ। যিসকল লোকে নগৰখন পৰিষ্কাৰ কৰি ৰখাত বিশেষ অৱদান আগবঢ়াই আহিছে সেই সকল লোকে বসবাস কৰা ঠাইৰ পৰিৱেশ অস্বাস্থ্যকৰ। এইসকল লোক যেন গুৰুত্বহীন চৰকাৰৰ বাবে।