নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৯ আগষ্ট : ডিজিটেল মিডিয়ালৈ ২৬ শতাংশ এফ ডি আই মঞ্জুৰী । বুধবাৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে । ইয়াৰ উপৰিও এই বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

এফ আই চি চি আই-ই ৱাইৰ সমীক্ষা অনুসৰি, ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা বৃহৎ হাৰত বৃদ্ধি পোৱাৰ ফলত ২০১৯ বৰ্ষত মনোৰঞ্জন ক্ষেত্ৰতকৈ ডিজিটেল মিডিয়া অধিক আগবাঢ়িছে যাৰ ফলত ২০২১চনলৈ প্ৰিন্ট মিডিয়াকো ফেৰ মাৰি ৫.১ বিলিয়ন ডলাৰ হোৱাৰ আশা আছে । ২০১৮ চনত ডিজিটেল মিডিয়া ব্যৱহাৰকাৰী ৪২ শতাংশ বৃদ্ধি পাইছে, যাৰ মূল্য প্ৰায় ২.৪ বিলিয়ন ডলাৰ। ভাৰতীয় ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে নিজৰ ফোনত ৩০ শতাংশ সময় মনোৰঞ্জনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে। এক সমীক্ষা অনুসৰি, ডিজিটেল মিডিয়াই ২০১৯ৰ শেষৰ ভাগলৈ ৩.২ বিলিয়ন ডলাৰ পোৱাৰ সম্ভাৱনা আছে।

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে কল মাইনিং ক্ষেত্ৰত ১০০ শতাংশ এফ ডি আইৰ কথা উল্লেখ কৰে। তেখেতে কয় যে, চৰকাৰে যোৱা ৫ বৰ্ষত এফ ডি আইৰ ক্ষেত্ৰত বিশেষ কাম কৰিছে। যাৰ ফলত এই যোৱা ৫টা বছৰত ২৮৬ বিলিয়ন ডলাৰৰ এফ ডি আই ভাৰতলৈ আহিছে ।