বৰপেটা, সংবাদ ৩৬৫, ২৯ আগষ্ট : মৰণফান্দত পৰিণত হৈছে জনীয়া-হাউলী গড়কাপ্তানি পথ। বানপানীয়ে কেইবা ঠাইও খহাই নিয়াৰ ফলত সৃষ্টি হোৱা পুখুৰী সদৃশ গাতৰ ফলত যমৰ-যাতনা ভোগ স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজৰ। পথটোত নিতৌ সংঘটিত হৈ আহিছে সৰু-বৰ পথ দুৰ্ঘটনা কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত আছে গড়কাপ্তানী বিভাগ।

ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফপোলা স্বৰূপ উদঙাইছে বৰপেটা জিলাৰ জনীয়া-হাউলী গড়কাপ্তানী পথ। বানপানীৰ পিছতেই এই পথটো হৈ পৰিছে মৰণফান্দত। উন্নয়নৰ ফটা ঢোল বজোৱা ৰাজ্য চৰকাৰৰ ব্যৰ্থ গড়কাপ্তানি বিভাগটোৱে এইবেলি হৈ যোৱা বানপানীত পথটোৰ কেইবা ঠাইত খহাই নিয়াত পথটো সম্প্ৰতি যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে।

পশ্চিম বৰপেটাৰ বৃহত্তৰ এলেকাৰ হেজাৰ হেজাৰ ৰাইজৰ লগতে শত শত ছাত্ৰ-ছাত্ৰীৰ যাতায়াত কৰা অতি ব্যস্ততাপূৰ্ণ পথটোৰ বাবে ভোগ কৰিব লগা হৈছে যমৰ যাতনা। এই ক্ষেত্ৰত বৰপেটা গড়কাপ্তানি বিভাগে পথটো মেৰামতি কৰাৰ কোনো তৎপৰতা দেখুৱা পৰিলক্ষিত হোৱা নাই। নিতৌ এই পথটোত সংঘটিত হৈ আহিছে সৰু-বৰ পথ দুৰ্ঘটনা। তৎসত্তেও পথটো মেৰামতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নাই বৰপেটা জিলা প্ৰশাসন তথা গৰকাপ্তানী বিভাগে।

পথটো যদি অচিৰেই মেৰামতি নকৰে তেন্তে ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে এই পথটো অতি শীঘ্ৰেই মেৰামতি কৰিবলৈ পথচাৰী আৰু স্থানীয় ৰাইজে চৰকাৰ তথা গড়কাপ্তানী মন্ত্ৰীক আহ্বান জনাইছে।