নিউজ ডেস্ক, ১ জুলাই, ২০২৩ : ভয়ংকৰ দুর্ঘটনা। জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ২৬ জনকৈ লোকৰ। শুকুৰবাৰে নিশাৰ ভাগত এক পথ দুর্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ২৬ জনকৈ লোকৰ মৃত্যু হৈছে (Maharashtra Bus Accident)। নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰীবাহী ডিভাইডাৰত খুন্দা মাৰি পথৰ ওপৰত বাগৰি পৰে। ফলত যাত্ৰীবাহী বাছখনত জুইৰ সূত্ৰপাত ঘটে আৰু এই জুই ভয়ংকৰ অগ্নিকাণ্ডৰ ৰূপ লয়। নিহত সকলৰ ভিতৰত শিশু থকাও বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে নিশাৰ ভাগত মহাৰাষ্ট্ৰৰ বুলধানাৰ সমৃদ্ধি মহামাৰ্গ এক্সপ্ৰেছৱেত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত বাছখনত থকা ২৬ জনলৈ যাত্ৰীৰ কৰুণ মৃত্যু হৈছে। জানিব পৰা মতে বাছখনত মুঠ ৩৩ জন যাত্ৰী আছি। বুলধানা জিলাৰ সিন্ধখেদাৰাজাৰ সমীপৰ পিম্পলখুটা গাঁৱৰ সমীপৰ সমৃদ্ধি ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। যাত্ৰীবাহী বাছখন নাগপুৰৰ পৰা পুনেলৈ গৈ আছিল।

বাছখনত নাগপুৰ, ৱৰ্ধা আৰু যৱতমলৰ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। বাছখন বিদৰ্ভ ট্ৰেভেলছৰ আছিল। সিন্ধখেদাৰাজাৰ সমীপৰ পিম্পলখুটা গাঁৱৰ সমীপৱৰ্তী সমৃদ্ধি ঘাইপথত বাছখনে ডিভাইডাৰত খুন্দা মাৰি পথৰ ওপৰত বাগৰি পৰে। ফলত বছখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডত শিশুসহ ২৬ জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো লোক আহত হৈছে। আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অৱশ্যে বাছখনৰ চালকজন ৰক্ষা পৰে।

জানিব পৰা মতে তীব্ৰ বেগী বছখনে প্ৰথমে লোহাৰ খুঁটাত খুন্দা মাৰিলে। ইয়াৰ পিছতে ডিভাইডাৰত খুন্দা মাৰি বাছখন বাগৰি পৰে। বাছখনৰ খিৰিকী ভাঙি কেইবাজনো যাত্ৰীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰে। দুর্ঘটনাৰ খবৰ পাই দুৰ্ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, বাছখনে প্ৰথমে নাগপুৰ-ঔৰংগাবাদ পথৰ সোঁফালে থকা লোহাৰ খুঁটা এটাত খুন্দা মাৰি ইয়াৰ পিছত ডিভাইডাৰত খুন্দা মাৰি পথৰ ওপৰত বাগৰি পৰে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে এই ভয়ংকৰ পথ দুর্ঘটনাকলৈ শোক প্ৰকাশ কৰিছে। মৃতকৰ আত্মীয়লৈ ৫ লাখ টকাৰ এককালীন সাহাৰ্য্যৰ ঘোষণাও কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। দুর্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰো নিৰ্দেশ দিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে।