তেজপুৰ, ২ জুলাই, ২০২৩ : তেজপুৰত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সম্পন্ন। কংগ্ৰেছৰ নেতৃত্বৰ বিৰোধীৰ ঐক্যত নাথাকে আম আদমি পাৰ্টী। অসমৰ অনগ্ৰসৰতাৰ বাবে বিজেপিৰ লগতে কংগ্ৰেছ সমানে দায়ী বুলি দলটোৰ মন্তব্য। সাংগঠনিক শক্তি অনুসৰি সৰ্বাধিক লোকসভা আসনত আপে প্ৰক্ষেপ কৰিব প্ৰাৰ্থী। তেজপুৰ কাৰ্যনিৰ্বাহকত ১৬ জনীয়া লোকসভা পৰ্যৱেক্ষণ গোট গঠন।

দেওবাৰে (২ জুলাই) তেজপুৰত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সমষ্টিৰ পুনৰ নিৰ্ধাৰণ, বিৰোধীৰ ৰাজনৈতিক মিত্ৰতা, বিজেপি নেতৃত্বাধীন চৰকাৰৰ অসমবিৰোধী তথা দৰিদ্ৰবিৰোধী কাম-কাজৰ লগতে দলৰ সাংগঠনিক আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দলীয় ৰণকৌশল সন্দৰ্ভত এই সভাত বিশদভাৱে আলোচনা কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কাৰ্যনিৰ্বাহকে সিদ্ধান্ত গ্ৰহণ কৰে যে অসমত বিজেপিৰ বিকল্প কংগ্ৰেছ হ’ব নোৱাৰে।

আপৰ মতে কংগ্ৰেছৰ অপশাসন, দুৰ্নীতিৰ বাবে দলটোক অসমৰ জনতাই প্ৰত্যাখ্যান কৰি থৈছে। এনে এটা দলৰ নেতৃত্বত আম আদমি পাৰ্টীয়ে মিত্ৰতা কৰিবলৈ অসুবিধা হ’ব আৰু কংগ্ৰেছৰ সৈতে একেখন মঞ্চত থাকিবলৈ অসুবিধা হ’ব। আদৰ্শগতভাৱেও আম আদমি পাৰ্টীয়ে দুৰ্নীতিৰ লগত আপোচ নকৰে। স্বাধীনোত্তৰ ৭৫ বছৰত অসমৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিব নোৱাৰাৰ কাৰণে বিজেপিৰ লগতে কংগ্ৰেছো দাষী। সেয়ে বিজেপিৰ বিকল্প কংগ্ৰেছ হ’ব নোৱাৰে বুলি দলটোৱে গ্ৰহণ কৰা সিদ্ধান্ত এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে।

সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাই ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ ৰাজনৈতিক স্বাৰ্থ বিঘ্নিত কৰাৰ বিপৰীতে দল-নিৰ্বিশেষে হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বস্ত অনুগামীসকলৰ লগতে বিজেপিৰ গোপন মিত্ৰ এ আই ইউ ডি এফৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছে বুলি কয়। খিলঞ্জীয়াবিৰোধী এই খচৰাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক আম আদমি পাৰ্টীয়ে এক স্মাৰক-পত্ৰ প্ৰদান কৰিব। কাৰ্যনিৰ্বাহকত আম আদমি পাৰ্টীৰ সাংগঠনিক কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ বাবে দলৰ সকলো সদস্যক সাজু হ’বলৈ আহ্বান জনায়।

‘সেতুবন্ধন’ কাৰ্যসূচীৰ জৰিয়তে পঞ্চায়ত পৰ্যায়ৰ পৰা লোকসভা পৰ্যায়লৈকে সৰ্বসাধাৰণৰ ঘৰে ঘৰে গৈ জনতাৰ মনৰ বতৰা লোৱা লোৱাৰ লগতে নিৰ্বাচনৰ বাবে সাম্ভাব্য প্ৰাৰ্থীৰ সন্ধান কৰা হ’ব। সভাতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ১৬ জনীয়া সদস্যৰ এক ‘লোকসভা পৰ্যৱেক্ষণ গোট’ গঠন কৰা হয়। এই গোটৰ সদস্যসকল হ’ল ক্ৰমে মনোজ ধানোৱাৰ, ব্ৰজেন কুমাৰ সন্দিকৈ, হেমন্ত ফুকন, ৰাজীব শইকীয়া, মামুন ইমদাদুল হক চৌধুৰী, অনুৰূপা ডেকাৰজা, লক্ষ্মীকান্ত দোবে, কমল কুমাৰ মেধি, আলাউদ্দিন আহমেদ, মতিৰাম কুটুম, জিতুল ডেকা, ঋষিৰাজ কুণ্ডন্য, বিনয় ডেকা, দিপাংকৰ কলিতা, কাৰ্তিক চৰকাৰ আৰু পুনম গগৈ।