গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ : ২৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ২৬ সংখ্যক ইণ্টাৰনেশ্যনেল গুৱাহাটী ট্ৰেড ফেয়াৰ । এইবাৰ ইণ্টাৰনেশ্যনেল গুৱাহাটী ট্ৰেড ফেয়াৰৰ ব্ৰেণ্ড এম্বেচাদৰ অভিনেত্ৰী তথা সামাজিক কৰ্মী বৰষাৰাণী বিষয়া ।

ইণ্ডাষ্ট্ৰী এণ্ড ট্ৰেড ফেয়াৰ এছ’চিয়েচন অফ আচামে জয়া কমিউনিকেচন আৰু এন এছ আই চিৰ সহযোগত ২৭ ছেপ্টেম্বৰৰ পৰা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত কৰিব এই ইণ্টাৰনেশ্যনেল গুৱাহাটী ট্ৰেড ফেয়াৰ ।

এই ট্ৰেড ফেয়াৰত অংশগ্ৰহণ কৰিব বাংলাদেশ, আফগান, থাইলেণ্ড, কাশ্মীৰ আদি দেশসমূহে । এইবাৰৰ ট্ৰেড ফেয়াৰত খাদ্যৰ ওপৰত বেছি প্ৰাধান্য দিয়া হ’ব । ৰন্ধন প্ৰণালীৰ এক প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব।

ইয়াৰোপৰি ট্ৰেড ফেয়াৰত বিভিন্ন ধৰণৰ ফেছন শ্ব, সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ট্রেড ফেয়াৰৰ এণ্টৰী ফিজ ৩০ টকা ।

এইবাৰৰ ট্ৰেড ফেয়াৰত দিয়া হৈছে এক বিশেষ অফাৰ । ট্ৰেড ফেয়াৰত গৈ আপুনি আপোনাৰ প্ৰৱেশ পত্ৰৰ সহায়ত লাভ কৰিব ১ লাখ টকা । প্ৰৱেশ পত্ৰ লতাৰীৰ জৰিয়তে লাভ কৰিব পাৰিব এই পুৰস্কাৰ । ১ম পুৰস্কাৰ ১ লাখ , ২ য় পুৰস্কাৰ ৫০,০০০ আৰু ৩য় পুৰস্কাৰ ২৫,০০০ টকা ।

ট্ৰেড ফেয়াৰত থাকিব সৰ্বমুঠ ৩০০ খন দোকান । ২৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হৈ ১৪ অক্টোবৰত সমাপ্ত হ’ব ২৬ সংখ্যক ইণ্টাৰনেশ্যনেল গুৱাহাটী ট্ৰেড ফেয়াৰ ।