নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ : পাকিস্তান চৰকাৰে সন্ত্ৰাসবাদী সংগঠনক প্ৰশিক্ষণ দিছিল আৰু প্ৰশিক্ষণ দিয়াৰ নামত খৰছ কৰিছিল প্ৰায় ৭ লাখ কোটি টকা ।

বিশ্বৰ বিভিন্ন দেশৰ অভিযোগ সত্য প্ৰমাণিত কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে স্বীকাৰ কৰিলে পাকিস্তানত জেহাদীক দিয়া প্ৰশিক্ষণৰ কথা লগতে প্ৰশিক্ষণ দিয়াৰ নামত বহন কৰাৰ খৰছৰ কথাও ব্যক্ত কৰে । পিছে এই প্ৰশিক্ষণ ৮০ দশকতে দিয়া বুলি মন্তব্য কৰিছে ইমৰান খানে ।

৮০ দশকতে দেশখনত দুৰ্ধষ সন্ত্ৰাসবাদী সংগঠন জেহাদীৰ কেডাৰ সকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। ছোভিয়েট সংঘৰ বিৰোধীতাৰে ৮০ দশকত ছোভিয়েট সংঘই আফগানিস্তান দখল কৰাৰ সময়তে সংঘৰ বিৰুদ্ধে জেহাদ ঘোষণাৰ বাবে পাকিস্তানত প্ৰশিক্ষণ দিয়া হৈছিল সন্ত্ৰাসবাদীসকলক। সন্ত্ৰাসবাদী প্ৰশিক্ষণৰ বিষয়টোৰ সন্দৰ্ভত এনেদৰে কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।