গুৱাহাটী : মাঘৰ প্ৰথম দিনটোত ৰাজ্যত ৩ হাজাৰ ৩৯০ জন লোক নতুনকৈ আক্রান্ত হৈছে ক’ভিডত। মৃত্যুৰ হৈছে ৪ জনকৈ ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৮৭৬ জন। শুকুৰবাৰৰ তুলনাত শনিবাৰে ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা।

ৰাজ্যত অধিক ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। শনিবাৰৰ দিনটোত ৰাজ্যত ৯.৮৭ শতাংশলৈ বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। শনিবাৰে মাঘৰ প্ৰথম দিনটোত ৰাজ্যত মুঠ ৩৪ হাজাৰ ৩৫৫ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ৩ হাজাৰ ৩৯০ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি।

আনহাতে এই সময়ছোৱাত ৰাজ্যত মৃত্যুৰ মুখত পৰে ৪ জন ক’ভিড আক্রান্ত লোক। শনিবাৰে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৮৭৬ জন। শনিবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। ৯১৯ জন লোক কামৰূপ মহানগৰ জিলাত শনিবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হয়।

কামৰূপ মহানগৰ জিলাৰ পিছতে আছে কাছাৰ জিলা। কাছাৰত আক্রান্ত হৈছে ২৩৬ জন লোক। ইয়াৰ পৰিবৰ্তে যোৰহাট জিলাত ২১৭ জন আৰু তিনিচুকীয়া জিলাত ২০৬ জন লোক আক্রান্ত হৈছে। ডিব্ৰুগড়, গোলাঘাট, কামৰূপ গ্রাম্য আৰু যোৰহাট জিলাৰ এজনকৈ কভিড ৰোগীৰ মৃত্যু হয় শনিবাৰে।