ছয়গাঁও : ছয়গাঁৱত আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান। অভিযানকালত আৰক্ষীয়ে গাঞ্জা গছ বিনষ্ট কৰাৰ লগতে জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা। জব্দকৃত গাঞ্জাখিনিৰ মূল্য ৫ লাখ টকা। আৰক্ষীয়ে আটক কৰিলে তিনি গাঞ্জা ব্যৱসায়ীক।

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গুমীত আৰক্ষী বিষয়া কল্যান কুমাৰ পাঠকৰ নিৰ্দেশত বকো আৰু ছয়গাঁও আৰক্ষীয়ে গাঞ্জা বিৰোধী অভিযান চলাই বহু গাঞ্জা গছ বিনষ্ট কৰাৰ লগতে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। অঞ্চলটোৰ তিনিজনকৈ গাঞ্জা ব্যৱসায়ীৰ ঘৰত আৰক্ষীয়ে চলাইছিল এই অভিযান।

মাজগুমীৰ অনন্ত কলিতা, ছামছুল আলী আৰু আমবাৰীৰ কৃষ্ণ সৰকাৰৰ ঘৰত আৰক্ষীয়ে চলোৱা অভিযানত আৰক্ষীয়ে বহু গাঞ্জা গছ কাটি বিনষ্ট কৰাৰ লগতে জব্দ কৰে বৃহৎ পৰিমানৰ শুকান গাঞ্জা। অভিযান কালত আৰক্ষীয়ে তিনিওজনৰ ঘৰৰ পৰা ৪০ কেজি শুকান গাঞ্জা জব্দ কৰে।

জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য ৫ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে ৷ আনহাতে গাঞ্জা ব্যৱসায়ী তিনিজনৰ ঘৰত থকা প্ৰায় ৩০ টাকৈ গাঞ্জা গছ কাটি জুই লগাই বিনষ্ট কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে। আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ী ছামচুল আলী, কৃষ্ণ সৰকাৰ আৰু অনন্ত কলিতাক আটক কৰি জেৰা চলাই আছে।