গুৱাহাটী, ১ ডিচেম্বৰঃ  শপত গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে মোৰ বাবে ৰাজপথত যানজটৰ সৃষ্টি নহয়। মই ৰাজপথত সাধাৰণ মানুহৰ নিচিনা চলাচল কৰিম যাতে ৰাইজৰ অসুবিধা নহয়। কিন্তু চকীত বহাৰ পিছত মুখ্যমন্ত্ৰীয়ে পাহৰিলে নিজৰ সেই প্ৰতিশ্ৰুতি। তাৰে এক উদাহৰণ দেখিবলৈ পোৱা গল ৩০ তাৰিখে। ৩০ তাৰিখৰ নিশা গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সৃষ্টি হয় তীব্ৰ যানজটৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুম্বাইৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ বাবে আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বন্ধ কৰি দিয়ে সকলোবোৰ যানবাহনৰ চলাচল। আৰক্ষীয়ে বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বঙৰা ৰাইবড়ীৰ পৰা ঘাইপথৰ ওপৰত সকলোবোৰ যানবাহনৰ চলাচল বন্ধ কৰি দিয়াৰ ফলত পথৰ ওপৰত আবদ্ধ হৈ পৰে কেইবাশ বাহন। নিশা ৰাইবড়ীৰ পৰা বৰকুছিলৈ পথৰ ওপৰতে আবদ্ধ হৈ ৰয় যাত্ৰীবাহী বাহনৰ লগতে মালবাহী ট্ৰাকসমূহ। নিশাৰ ভাগত এইদৰে পথৰ ওপৰত আবদ্ধ হৈ পৰাৰ যাত্ৰীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হয়।