বঙাইগাঁৱৰ পৰা কিশোৰ দাস,  ১ ডিচেম্বৰঃ  শাৰীৰিক বাধাগ্ৰস্ততা এজন ব্যক্তিৰ বাবে কেতিয়াও হেঙাৰ হব নোৱাৰে। পৃথিৱীত এনে বহু ব্যক্তি আছে যিসকলে শাৰীৰিক দিশৰ পৰা দুৰ্বল হৈয়ো নিজৰ মানসিক আৰু আত্মবিশ্বাসৰ বলত বহু অসাধ্যকৰ কাম সাধ্য কৰি নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিছে। তেনে এক ব্যক্তি হৈছে গোৱালপাৰা জিলাৰ মিথুন হাজঙ। অদম্য মানসিক শক্তি আৰু একাগ্ৰতাৰে বাধাগ্ৰস্ততাক নেওচি নিজৰ লগতে পৰিয়ালৰ দায়িত্ব পাতি লৈছে নিজৰ কান্ধত। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ যুৱক মিথুন হাজঙ জন্মৰ পৰাই দৃষ্টিহীন। জন্মৰ পৰাই এই সুন্দৰ ধৰাখনক সচক্ষে প্ৰত্যক্ষ কৰিবলৈ অক্ষম মিথুনে নিজৰ শৰীৰৰ বাধা নেওচি দৰিদ্ৰ পৰিয়ালটোক ভৰণ পোষণ দিয়াৰ তাড়নাতে আৰম্ভ কৰিছিল সংগীতৰ চৰ্চা ।নিজৰ অনন্য সাধনাৰে অতি কম সময়ৰ ভিতৰতে মিথুনে আয়ত্ব কৰিবলৈ সক্ষম হল সংগীতৰ কলা। পুৰুষ আৰু স্ত্ৰী দুয়োটা কণ্ঠেৰে গীত পৰিবেশন কৰাৰ ক্ষেত্ৰতো মনোনিৱেশ কৰা মিথুনে অতি কম সময়ৰ ভিতৰতে দুয়োটা কণ্ঠৰ গীত সুললিত ভাবে গাবলৈ সক্ষম হয়। ইয়াৰ পিছতে আৰম্ভ হয় মিথুনৰ প্ৰকৃত জীৱন সংগ্ৰাম ।অসমৰ সংগীতৰ ক্ষেত্ৰখন অতি সংকীৰ্ণ হোৱাৰ ফলতেই দক্ষতা থকাৰ পিছতো উপযুক্ত সুবিধা লাভ নকৰা মিথুনে পেটৰ তাড়নাত পথত গীত গাবলৈ আৰম্ভ কৰে। হাতত মেণ্ডোলিন লৈ জীৱিকাৰ বাবে বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী, বৰপেটা জিলাৰ বাটে পথে প্ৰায়ে গীত গাই থকা পৰিলক্ষিত হয় মিথুনক। নামনি অসমৰ বিভিন্ন অঞ্চল ভ্ৰমি ফুৰা মিথুনে যত মানুহৰ সমাগম হোৱা অনুভৱ কৰে তাতেই মেলি দিয়ে গীতৰ সঁফুৰা। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ৰাজপথত কিছুদিন পূৰ্বে গীত পৰিবেশন কৰি থকাতো মিথুনৰ প্ৰতিভা দেখি আপ্লুত হৈ পৰে দৰ্শক।পুৰুষ আৰু স্ত্ৰী দুয়োটা কণ্ঠত মিথুনৰ অনন্য গীতে পথেৰে গৈ থকা জনসাধাৰণক পথৰ ওপৰত ৰৈ যাবলৈ বাধ্য কৰায়। মিথুনৰ অসাধাৰণ প্ৰতিভাত আপ্লুত হৈ পৰা শ্ৰোতাই যি অৰিহনা আগবঢ়ায় তাৰেই চলি যায় পিতৃ, মাতৃ আৰু ভ্ৰাতৃৰ সৈতে মিথুনৰ পৰিয়ালটো। জন্মান্ধ হৈয়ো হাৰ মানিব নোখোজা মিথুনৰ এই প্ৰচেষ্টা শলাগলবলগীয়া। অঞ্চলটোৰ জনসাধাৰণৰ আশা মিথুনৰ এই একক প্ৰ