গুৱাহাটী, ১৬ জুলাই, ২০২৩ : উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰ পি এফ) অবৈধ প্ৰব্ৰজনকাৰী (Illegal immigrants) ধৰা পেলোৱাৰ যুঁজ অব্যাহত ৰাখি ২০২৩ চনৰ জুন মাহত ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ অপৰাধত ৬২ জন বিদেশী নাগৰিকক আটক কৰে। এই সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন ৰে’ল ষ্টেশ্যন আৰু ৰে’লত চলোৱা অভিযানৰ সময়ত এইসকল অবৈধ প্ৰব্ৰজনকাৰীক আটক কৰা হয়। ইয়াৰ উপৰিও চলিত মাহৰ ১১ জুলাইলৈকে ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে কুমাৰঘাট, আগৰতলা আৰু জলপাইগুড়ী ৰে’ল ষ্টেশ্যনৰ পৰা ১৮ জন ৰোহিংগীয়া আৰু ১২ জন বাংলাদেশী নাগৰিককে ধৰি ৩০ জন অবৈধ প্ৰব্ৰজনকাৰীক আটক কৰে। পৰৱৰ্তী সময়ত আটকাধীন অবৈধ প্ৰব্ৰজনকাৰীসকলক সংশ্লিষ্ট চৰকাৰী ৰে’ল আৰক্ষী (জি আৰ পি) আৰু সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ হাতত বিহিত আইনী ব্যৱস্থা গ্ৰহণৰ বাবে গতাই দিয়া হয়।

শেহতীয়াকৈ ১১ জুলাই, ২০২৩ তাৰিখে ধৰ্মনগৰ পোষ্টৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে স্থানীয় আৰক্ষী আৰু বি এছ এফৰ সৈতে যুটীয়াভাৱে কুমাৰঘাট ৰে’লৱে ষ্টেশ্যনত অভিযান চলায়, য’ত ভাৰতীয় ভূখণ্ডত অবৈধভাৱে প্ৰৱেশ কৰা ১২ জন ৰোহিংগীয়া (এগৰাকী নাবালিকা ছোৱালীকে ধৰি ৯ জন পুৰুষ আৰু তিনিগৰাকী মহিলাক) আটক কৰে। পিছত আটক কৰা অবৈধ প্ৰব্ৰজনকাৰীসকলক বিএছএফ/নালাকাটা (ত্ৰিপুৰা)ৰ দ্বাৰা আৱশ্যকীয় আইনী ব্যৱস্থা গ্ৰহণৰ বাবে জিম্মাত লোৱা হয়। পুনৰ সেইদিনা এক গোপন তথ্যৰ ভিত্তিত আগৰতলাৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে জি আৰ পি/ আগৰতলাৰ সৈতে যুটীয়াভাৱে আগৰতলা ৰে’লৱে ষ্টেশ্যনত অভিযান চলাই ভাৰতীয় ভূখণ্ডত অবৈধভাৱে প্ৰৱেশ কৰাৰ অপৰাধত ৩ জন বাংলাদেশী নাগৰিক (এজন পুৰুষ আৰু দুজন ট্ৰান্সজেণ্ডাৰ)ক আটক কৰে। পিছত আটক কৰা অবৈধ প্ৰব্ৰজনকাৰীসকলক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে অ’চি/জিআৰপি/আগৰতলাৰ হাতত গতাই দিয়ে।

২০২৩ চনৰ ১০ জুলাই তাৰিখে/জলপাইগুড়ী পোষ্টৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে জলপাইগুড়ী ষ্টেশ্যনত ৰেল নং ০৫৭৫০ (হালদিবাৰী-নিউ জলপাইগুড়ী) পেছেঞ্জাৰ ৰে’লখনত অভিযান চলোৱাৰ সময়ত ভাৰতীয় ভূখণ্ডত অবৈধভাৱে প্ৰৱেশ কৰা এজন পুৰুষ বাংলাদেশী নাগৰিকক আটক কৰে। পিছত আটক কৰা অবৈধ প্ৰব্ৰজনকাৰীজনক পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে অ’চি/জিআৰপি/জলপাইগুড়ীৰ হাতত গতাই দিয়া হয়। আনহাতে, ২০২৩ চনৰ ৯ জুলাইত আগৰতলাৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে জি আৰ পি/আগৰতলাৰ সৈতে যুটীয়াভাৱে আগৰতলা ৰেলৱে ষ্টেশ্যনত অভিযান চলাই ভাৰতীয় ভূখণ্ডত অবৈধভাৱে প্ৰৱেশ কৰা ৬ জন ৰোহিংগীয়া (এজন নাবালককে ধৰি দুজন পুৰুষ আৰু চাৰিগৰাকী মহিলা)ক আটক কৰে। ইয়াৰ পূৰ্বে ৬ জুলাইত আগৰতলাৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে জি আৰ পি/আগৰতলাৰ সৈতে যুটীয়াভাৱে আগৰতলা ৰে’লৱে ষ্টেশ্যনত তালাচী চলাই থকাৰ সময়ত ৮ জন বাংলাদেশী নাগৰিক (পাঁচজন পুৰুষ আৰু তিনিগৰাকী কিন্নৰ)ক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত আটক কৰে।

পিছত আটক কৰা অবৈধ প্ৰব্ৰজনকাৰীসকলক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে অ’চি/জিআৰপি/ আগৰতলাৰ হাতত গতাই দিয়া হয়। ষ্টেশ্যন আৰু ৰে’লসমূহত নিয়োজিত ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকল অধিক সতৰ্ক হৈ থকাৰ লগতে অবৈধ প্ৰব্ৰজনকাৰী, ৰোহিংগীয়া আৰু সন্দেহযুক্ত ব্যক্তিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে।