নিউজ ডেস্ক, ৩ এপ্ৰিল, ২০২৪ :২৫ বছৰ পিছত পুনৰ এবাৰ টাইৱানত ভূমিকম্পৰ জোকাৰণি। ২৫ বছৰ পিছত টাইৱানত প্ৰবল ভূমিকম্পাৰ জোকাৰণিত বিস্তাৰ ক্ষতি সাধন। ৰিখটাৰ স্কেল ৭.৪ প্ৰাবল্যত (7.4 Magnitude Earthquake) হোৱা ভূমিকম্পৰ ফলত বহু অট্টালিক তাচ পাতৰ দৰে খহি পৰে। বহু প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা হালি পৰাত এক আতংকময় পৰিৱেশ সৃষ্টি হয়। ইফালে এই প্ৰবল ভূমিকম্পাৰ পিছতে কেইবাখনো দেশলৈ ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

বুধবাৰে পুৱাই টাইৱানত সংঘটিত হোৱা এক প্ৰবল ভূমিকম্পই আতংকৰ সৃষ্টি কৰে। এই ভূমিকম্প ইমানেই প্ৰবল আছিল যে বহু অট্টালিকা তাচ পাতৰ দৰে খহি পৰাৰ লগতে বহু অট্টালিকা হালি পৰে। এই প্ৰবল ভূমিকম্পৰ পিছত টাইৱানত ৰে’ল সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। এই প্ৰবল ভূমিকম্পৰ জোকাৰণিৰ পিছতে জাপানে নিজৰ উপকূলৰ বাবে ছুনামিৰ সতৰ্কবাণী জাৰি কৰিছে। এই প্ৰবল ভূমিকম্পত এতিয়ালৈকে কিমান ক্ষতি সাধন হৈছে জানিব পৰা হোৱা নাই।

বুধবাৰে পুৱাই ৰিখটাৰ স্কেলত ৭.৪ প্ৰাবল্যত হোৱা ভূমিকম্পই ইতিহাসত লিপিবদ্ধ কৰিলে টাইৱানৰ নাম। ঠিক ২৫ বছৰ পূৰ্বে টাইবানত এক বৃহৎ ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছিল। বুধবাৰে পুৱা টাইৱানক পুনৰ এক প্ৰবল ভূমিকম্পই জোকাৰি যায়। ইতিমধ্যে টাইবানৰ ভূমিকম্পৰ বহু ভয়াবহ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’ সমূহত দেখা গৈছে যে টাইবানত থকা অট্টালিকা সমূহ তললৈ হেলনীয়া হৈছে পৰিছে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে এই ভূমিকম্পৰ জোকাৰণি কিমান প্ৰবল হ’ব পাৰে।

টাইৱানৰ পূব উপকূলত অৱস্থিত হুয়ালিয়েন চহৰত বিস্তৰ ক্ষয়-ক্ষতিৰ বাতৰি পোৱা গৈছে। হুয়ালিয়েন চহৰ ভূমিকম্পৰ কেন্দ্ৰৰ ওচৰত অৱস্থিত বাবে ইয়াত ক্ষয়-ক্ষতিৰ পৰিমাণ অধিক হোৱা সন্দেহ প্ৰকাশ কৰা হৈছে। টাইৱানৰ অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰকাশ কৰা অনুসৰি ভূমিকম্পৰ ফলত এতিয়ালৈকে চাৰিজন লোকৰ মৃত্যু হৈছে। আনহাতে ৫০ জনতকৈ অধিক লোক আহত হৈছে বুলি প্ৰকাশ কৰিছে। ইফালে জাপান বতৰ বিজ্ঞান সংস্থাই জনোৱা মতে, ভূমিকম্পৰ প্ৰায় ১৫ মিনিট পিছত যোনাগুনি দ্বীপৰ উপকূলত প্ৰায় ১ ফুট উচ্চতাৰ ছুনামিৰ ঢৌ ধৰা পৰিছে। ইছিগাকি আৰু মিয়াকো দ্বীপত সৰু সৰু ঢৌ প্ৰত্যক্ষ কৰা হৈছে।

টাইৱান প্ৰশান্ত মহাসাগৰৰ ‘ৰিং অৱ ফায়াৰ’ৰ ওচৰত অৱস্থিত। ইয়াৰ বাবেই এই অঞ্চলত সঘনাই ভূমিকম্পৰ সৃষ্টি হয়। বুধবাৰে পুৱাই টাইবানত হোৱা ভূমিকম্পক ২৫ বছৰৰ ভিতৰত সৰ্বাধিক প্ৰবলৰ ভূমিকম্প বুলি বিবেচিত কৰা হৈছে। ইয়াৰ পূর্বে ১৯৯৯ চনত টাইৱানত ৭.৬ প্ৰাবল্যৰ ভূমিকম্প হৈছিল, য’ত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল। ইফালে জাপানৰ আত্মৰক্ষা বাহিনীয়ে অকিনাৱা অঞ্চলৰ আশে-পাশে হোৱা ছুনামিৰ প্ৰভাৱৰ বিষয়ে তথ্য সংগ্ৰহৰ বাবে বিমান প্ৰেৰণ কৰে আৰু প্ৰয়োজন হ’লে মানুহক খালী কৰাৰ বাবেও সাজু হৈছে।