গুৱাহাটী, ৩ এপ্ৰিল, ২০২৪ : দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰি বিজেপিৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ বাহিৰে একো নহয় বুলি মন্তব্য ডাঃ ভবেন চৌধুৰীৰ। বিজেপিয়ে যিমানেই ষড়যন্ত্ৰ নকৰক, তেওঁলোকে আপক কেতিয়াও নিঃশেষ কৰিব নোৱাৰে বুলি মন্তব্য আপ নেতা হেমন্ত ফুকনৰ। আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ জামিনৰ (Sanjay Singh Bail) পিছতে আপ অসমৰ সংবাদমেলযোগে বিজেপিক তীব্ৰ আক্ৰমণ।

দিল্লীৰ নতুন আবকাৰী নীতিৰ অনিয়মৰ ভুৱা গোচৰত আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক ই ডিয়ে অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।বুলি আপ অসমৰ অভিযোগ। সাংসদ গৰাকীৰ বিৰুদ্ধে ইডিয়ে দুৰ্নীতিৰ কোনো ধৰণৰ তথ্য প্ৰমাণ আদালতত দাখিল কৰিব নোৱাৰাৰ বাবে ন্যায়ালয়ে সাংসদ সঞ্জয় সিঙক জামিনত মুক্তি দিয়ে। আম আদমি পাৰ্টীৰ গুৱাহাটীৰ গণেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয়ত এই সন্দৰ্ভত এক সংবাদমেলত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে অভিযোগ কৰে আপৰ সাংসদ সঞ্জয় সিঙে জামিন পোৱাৰ কথাটোৱে ইয়াকেই প্ৰমাণ কৰে যে দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰী বিজেপিৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ বাহিৰে একো নহয়।

ইডিৰ ওচৰত দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধনৰ লেনদেনৰ কোনো তথ্য নাই আৰু সেইবাবে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ মজিয়াত জামিনৰ বিৰোধিতা কৰাৰ কোনো সুবিধা লাভ নকৰিলে। এই কথাই ইয়াকে প্ৰমাণ কৰে যে বিজেপি আৰু ইডিয়ে ষড়যন্ত্ৰমূলকভাৱে আম আদমি পাৰ্টীৰ নেতাসকলক গ্ৰেপ্তাৰ কৰি ৰাখিছে। দিল্লীৰ সুৰা কেলেংকাৰীৰ ৰাজসাক্ষী দিনেশ আৰোৰাৰ সম্পৰ্কে উল্লেখ কৰি ডাঃ ভবেন চৌধুৰীয়ে কয় যে যিজন দিনেশ আৰোৰাৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰিছিল সেইজন দিনেশ আৰোৰাই ইডিক এঘাৰবাৰ বক্তব্য প্ৰদান কৰিছিল, কিন্তু এই এঘাৰটা বক্তব্যৰ ভিতৰৰ দহটাতেই তেওঁ সঞ্জয় সিঙৰ বিপক্ষে কোনোধৰণৰ অভিযোগ উত্থাপন কৰা নাছিল। একেবাৰে শেষৰটো ভাষ্যতহে তেওঁ সঞ্জয় সিঙৰ নাম লৈছিল। যি দহটা ভাষ্যত তেওঁ সঞ্জয় সিঙৰ নাম লোৱা নাছিল সেইকেইটা ভাষ্যক ইডিয়ে নোহোৱা কৰি পেলোৱা কাৰ্যত উচ্চতম ন্যায়ালয় ক্ষুব্ধ হৈছে।

উল্লেখ্য যে সঞ্জয় সিঙৰ জিম্মাৰ পৰা এটকাও উদ্ধাৰ কৰিব নোৱাৰাৰ পাছতো সঞ্জয় সিঙৰ বিৰুদ্ধে কেনেকৈ পি এম এল এ প্ৰয়োগ কৰিলে আৰু বিগত ছমাহে গ্ৰেপ্তাৰ কৰি ৰাখিলে সেই প্ৰশ্ন কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। সংবাদমেলত এই সন্দৰ্ভত আপৰ জ্যেষ্ঠ মুখপাত্ৰ হেমন্ত ফুকনে উল্লেখ কৰে যে অৰবিন্দ কেজৰিৱাল, মনিশ ছিছোদিয়া, সঞ্জয় সিঙ বা সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া একেই। কোনো এজন লোকক ইডিয়ে প্ৰথমতে গ্ৰেপ্তাৰ কৰি তেওঁক ব্যাপক মানসিক চাপ প্ৰদান কৰি তেওঁৰ মুখেৰে আপৰ এজন নেতাৰ নাম লোৱাব আৰু সেই ব্যক্তিজনক ৰাজসাক্ষী হিচাপে মুকলি কৰাই আপৰ নেতাজনক ইডিয়ে গ্ৰেপ্তাৰ কৰে। এইসম্পৰ্কে অধিক উল্লেখ কৰি হেমন্ত ফুকনে কয় যে অৰবিন্দ কেজৰিৱালক সাৰথ ৰেড্ডীৰ ভাষ্যৰ আধাৰত গ্ৰেপ্তাৰ কৰে। সেইজন সাৰথ ৰেড্ডীয়ে বিজেপিক ইলেক্ট’ৰেল বণ্ডৰ যোগেদি ৫৫ কোটি টকা প্ৰদান কৰিছে। সেইদৰে আন দুজন ৰাজসাক্ষী হৈছে পিতা-পুত্ৰ বাগুন্তা শ্ৰীনিবাসন ৰেড্ডী আৰু ৰাঘৱ ৰেড্ডী। এই বাগুন্তা ৰেড্ডীক কেজৰিৱালৰ বিৰুদ্ধে সাক্ষ্য দিয়াৰ উপহাৰস্বৰূপে বিজেপিৰ সহযোগী এডিএ’ৰ তেলেগু দেশম দলে তেওঁক লোকসভা নিৰ্বাচনৰ বাবে দলীয় টিকট প্ৰদান কৰিছে।

ৰাজ্যিক জ্যেষ্ঠ মুখপাত্ৰ হেমন্ত ফুকনে লগতে কয় যে বিজেপিয়ে দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰী সৃষ্টি কৰি আম আদমি পাৰ্টীক নিঃশেষ কৰাৰ চেষ্টা কৰিলেও কাৰ্যতঃ তেওঁলোক সফল নহ’ব। তেওঁ কয় যে এজন কেজৰিৱালক গ্ৰেপ্তাৰ কৰিলে আৰু দহজন কেজৰিৱাল ওলাই আহিব। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিলে, দ্বিতীয় লাইনৰ মনিষ ছিছোদিয়া আৰু সঞ্জয় সিঙকো গ্ৰেপ্তাৰ কৰিলে, কিন্তু লগে লগে তৃতীয় লাইনৰ আতিশী, সৌৰভ ভাৰদ্বাজ আদিৰ দৰে নেতা ওলাই আহিল। তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে চতুৰ্থ শাৰীৰ নেতাসকল ওলাই আহিব। এই মন্তব্য কৰি হেমন্ত ফুকনে লগতে কয় যে আম আদমি পাৰ্টী দুৰ্নীতিবিৰোধী জন আন্দোলনৰ যোগেৰে জন্ম হোৱা এটা ৰাজনৈতিক দল। বিজেপিৰ দৰে এটা দুৰ্নীতিকাৰী আৰু সাম্প্ৰদায়িক দলে যিমানেই ষড়যন্ত্ৰ নকৰক কিয় তথাপিও এই দলটোক কেতিয়াও ধ্বংস কৰিব নোৱাৰে। আম আদমি পাৰ্টীয়ে সকলো প্ৰত্যাহ্বান নেওচি ভাৰতক বিশ্বৰ ভিতৰত এক নম্বৰ দেশ হিচাপে প্ৰতিষ্ঠা লক্ষ্যত কাম কৰিব।