প্ৰণিতা বৰুৱাঃ আজি গৰু বিহু৷ পুৱাৰে পৰা ব্যাপক আয়োজনেৰে গো-দেৱতাৰ প্ৰতি সন্মান জনাই সমগ্ৰ ৰাজ্যজুৰি গৰু বিহু উদযাপন কৰা হৈছে৷ উল্লেখ্য যে, ব’হাগ বিহুৰ প্ৰথম দিনটোক গৰু বিহু ৰূপে পালন কৰা হয়৷ পুৱা মাহ হালধিৰে গৰুক নদী বা পুখুৰীত নোৱাই-ধোৱাই চালনিত কাটি থোৱা কেঁচা হালধি, জাতিলাউ, বেঙেনা, কেৰেলা, থেকেৰা আদি গৰুৰ গাত চটিয়াই ‘লাউ খা, বেঙেনা খা, দিনে দিনে বাঢ়ি যা, মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু’ বুলি মাখিয়তীৰে কোবোৱা হয়৷ আবেলি আগচোতাল, পাঁচ চোতাল আৰু বৰ ঘৰৰ মজিয়াত ধান খেৰ, তুঁহ, লাইজাবৰি, বিহু লগনী, জেতুকা আদিৰে জাক দিয়া হয়৷ গৰু গোহালিলৈ আহোতে বিচনীত নতুন গামোচা দি বিচি নতুন পঘাৰে বন্ধা হয়৷ জনপ্ৰবাদ অনুসৰি পথাৰত বা নদীৰ পাৰত গৰুৰ গালৈ মৰা হালধিৰে গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি।
গৰু বিহুৰ দিনা ঘৰৰ গৃহিনীয়ে গৰুকেইটাৰ মংগল কামনা কৰি গোঁসাইঘৰত প্ৰাৰ্থনা জনায়। গাঁৱৰ বুঢ়া-মেথাই সেইদিনা নামঘৰত সমবেত হৈ সমজুৱাকৈ শৰাই আগবঢ়ায়। সন্ধিয়া পথাৰৰ পৰা ঘৰৰ গৰু ঘূৰি অহাৰ পাছতেই খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়া হয়। ইয়াক ‘জাক দিয়া’ বুলি কোৱা হয়। প্ৰবাদ অনুহৰি, অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাক দিয়াৰ পিছতহে বিচনী ব্যৱহাৰ কৰে। অসমৰ ভালেকেইখন ঠাইত সন্ধিয়া গৰু গোহালিলৈ প্ৰৱেশ কৰাৰ আগে আগে মাছৰ পানীৰে গৰুৰ ভৰি ধুওৱাৰ নিয়ম প্ৰচলিত আছে। জনবিশ্বাস মতে- এনে কৰিলে বছৰটোলৈ গৰুৰ খুড়াত কোনোধৰনৰ বেমাৰে আক্ৰমন কৰিব নোৱাৰে।
গৰুক নতুন পঘা দিয়া গৰু বিহুৰ এক উল্লেখযোগ্য নিয়ম। বিশেষকৈ এই পঘা মৰাপাটেৰে তৈয়াৰ কৰা হয়। মৰাপাটৰ প্ৰতিটো পাকৰ মাজে মাজে তৰাগছৰ বাকলি খাজি, হালধিৰ মিহি প্ৰলেপ সানি বিয়লি গৰুক নতুন পঘাৰে বন্ধা হয়৷
বিহুৰ লগত অসমীয়া মানুহৰ নানান বিশ্বাস জড়িত হৈ আছে৷ বিহুৰ প্ৰথম দিনা অৰ্থাৎ গৰু বিহুৰ দিনা পুৱাই গৃহস্থই গৰু গোহালিটো চাই যদি গৰুকেইটা ঠিয় হৈ থকা দেখে তেন্তে সেই বছৰটোত বানপানী নহয় আৰু শুই থকা দেখিলে বানপানী হয় বুলি এক বিশ্বাস প্ৰচলিত আছে৷ ৰাতিপুৱা নিৰ্দিষ্ট সময় অনুসৰি গৰুৰ খুৰা আৰু শিঙত মিঠাতেল দি মাহ-হালধিৰে নোৱাই ওচৰৰ নৈ, বিল, পুখুৰী আদিলৈ গা-ধুৱাবলৈ নিওঁতে দীঘলতিৰে খেদায় নিলে মাৰি-মৰক উপচক্ৰ গুচে বুলি বিশ্বাস কৰা হয়৷
আনহাতে চাক, দীঘলতি আৰু মাখিয়তী অন্যৰ লগত সলনি কৰি আনি পুনৰ গোঁহালিত সাঁচি থোৱা হয়। তদুপৰি পুৰণা পঘা এডালো গৰুৰ ঠেঙৰ তলেদি সৰকাই সেইডালো অন্য এঘৰৰ গৰুৰ পঘাৰ লগত সলনি কৰি গোহালিত সাঁচি থোৱাৰ পৰম্পৰা প্ৰচলিত আছে। লোকে বিশ্বাস মতে, এনে কৰিলে গোহালিৰ গৰুৰ বছৰটোৰ বাবে কোনো বেমাৰ-আজাৰে দেখা নিদিয়ে। চাকটো আগমৰা বাঁহেৰে সাজিলে গোহালিত গৰু নাবাঢ়ে বুলি জনবিশ্বাস আছে৷
গৰু বিহুৰ দিনাই সন্ধিয়া নহৰু বটা পানী ঘৰৰ চাৰিওকাষে ছটিয়ালে বছৰটোলৈ সৰ্পভয় নিৰ্বাৰণ হয় বুলি বিশ্বাস প্ৰচলিত৷
সেইদৰে গৰু বিহুৰ দিনা গৰুৰ চাকত দিয়া লাও, বেঙেনা, হালধি, থেকেৰাৰ লগতে এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে। পুৰণি বিশ্বাস অনুসৰি এই এশ এবিধ শাক খালে বহু ৰোগ-ব্যাধিৰ পৰা পৰিত্ৰাণ পাব পাৰি। সেইদিনাই নাহৰৰ পাতত ‘দেৱ দেৱ মহাদেৱ, নীলগ্ৰীৱ জটাধৰ বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে’ -এই মন্ত্ৰটো লিখি ঘাই ঘৰ কেইটাৰ চালত আৰু গোহালি ঘৰৰ চালত খুচি থোৱাৰ প্ৰথা অসমীয়া সমাজত আছে। লগতে টিকনি বৰুৱাৰ লতা এডালো মূল দুৱাৰৰ ওপৰত লগোৱা হয়। এনে কৰিলে ধুমুহা, ঢেৰেকণি, বজ্ৰপাত পৰাৰ পৰা ৰক্ষা পৰে বুলি বিশ্বাস কৰা হয়৷
গৰু বিহুৰ দিনাই জেতুকা পিহি ঘৰৰ সকলোৱে লগায়। কেঁচা জেতুকাৰ ৰস খোৱাৰো নিয়ম। এনে কৰিলে বছৰটোৰ বিভিন্ন ৰোগৰপৰা মুক্তি পায় বুলি বিশ্বাস কৰা হয়৷ অৱশ্যে সময়ৰ লগত সলনি হৈছে বিহু পালনৰ সামগ্রিক ৰেহ ৰূপ৷ যুগৰ সৈতে তাল মিলাই সম্ভাৱ্য পৰিবৰ্তনক আকোঁৱালি লৈ আগবঢ়াই শ্রেয়৷ পিছে তাকে কৰিবলৈ যাওঁতে ভৰিৰ তলৰ খোঁপনি যাতে নেহেৰায়, তালৈ লক্ষ্য ৰখা বাঞ্চনীয়৷ গছতলৰ বিহু ৰংঘৰৰ বাকৰিলৈ গমন হওঁতেই সূচনা হৈছিল বিহুৰ বিৱৰ্তনৰ প্রথমটো পৰ্ব৷ ৰাজ অনুগ্রহ লাভ কৰা বিহুৱে তেতিয়াৰ দিনতে আয়ত্ব কৰিছিল গণ-জীৱনৰ পৰা ক্রম বিচ্ছিন্ন হৈ পৰিশীলিত ৰূপ পৰি গ্রহণৰ অৱশ্যম্ভাৱী চৰিত্র৷